পাৰমাণৱিক শক্তিয়ে ভাৰতৰ বাবে কঢ়িয়ালে নতুন ভাবুকি!৭ আগষ্টৰ মক্কা যুটীয়া প্ৰতিৰক্ষা চুক্তিক লৈ বৈদেশিক মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ মূল্যায়ন অব্যাহত মক্কা চুক্তিৰ পিছত ভাৰতে ইৰাণৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাটো সময়ৰ দাবী
পাকিস্তান, চৌদি আৰব আৰু তুৰস্কৰ মাজত ৭ আগষ্টত স্বাক্ষৰিত হৈছে “মক্কা যুটীয়া প্ৰতিৰক্ষা চুক্তি”। এই চুক্তিক লৈ ভাৰত চৰকাৰে গুৰুত্বসহকাৰে মূল্যায়ন আৰম্ভ কৰিছে।বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে, “এই চুক্তিয়ে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত কি প্ৰভাৱ পেলাব আমি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছো। ভাৰত নিজৰ স্বাৰ্থ ৰক্ষাত সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ।প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, এই মিত্ৰতাই ভাৰত আৰু ইজৰাইলৰ বাবে নতুন ভাবুকি কঢ়িয়াই আনিব পাৰে।
কাৰণ, চৌদি আৰৱৰ হাতত আছে টকা আৰু অত্যাধুনিক অস্ত্ৰ, তুৰস্কৰ হাতত NATO ৰ দ্বিতীয় বৃহৎ সেনা আৰু উন্নত ড্ৰোন, আৰু পাকিস্তান হৈছে একমাত্ৰ মুছলমান পাৰমাণৱিক শক্তি।এনে পৰিস্থিত বিশেষজ্ঞ জি ডি বাক্সীয়ে ইৰাণৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ পৰামৰ্শ দিছে। তেওঁৰ মতে, চাবাহাৰ বন্দৰ জৰিয়তে ইৰাণে ভাৰতক সস্তীয়া শক্তি আৰু মধ্য এছিয়াৰ পথ দুৱাৰ মুকলি কৰি দিব পাৰে।

