ভোলানাথক সন্তুষ্ট কৰাৰ ১০টা সহজ উপায়

ভোলানাথক সন্তুষ্ট কৰাৰ ১০টা সহজ উপায়

মহাদেৱে ধন-সম্পত্তি নিবিচাৰে। তেওঁ বিচাৰে মাত্ৰ এটা নিষ্কলংক মন। তেওঁক “আশুতোষ” বুলিও কয় – অৰ্থাৎ অলপতেই সন্তুষ্ট হোৱা দেৱতা।

১. মনৰ পৰিষ্কাৰতা

সকলোৰে আগত মনটো শুদ্ধ কৰক। কাৰো বেয়া নাভাবিব, কাৰো লগত হিংসা নকৰিব। কাৰণ মহাদেৱে কৈছিল – যাৰ হৃদয়ত কৰুণা আছে, মই তাতেই কৈলাশ বনাওঁ।

২.সোমবাৰৰ বিশেষ সেৱা

সোমবাৰ ভাগ্যৰ দিন। ব্ৰহ্ম মুহূৰ্তত উঠি গা-পা ধুই, বগা কাপোৰ পিন্ধক। বগা ৰং মহাদেৱৰ প্ৰিয়। তামৰ লোটাত গংগাজল, কেছা গাখীৰ, মধু, চেনি লৈ মন্দিৰলৈ যাওক।

৩. শিৱলিংগৰ অভিষেক

লাহে লাহে শিৱলিংগত জল ঢালক আৰু লগতে গাই থাকক “ওঁ নমঃ শিৱায়”।

৪.বেলপাতৰ মহিমা

৩পাতীয়া বেলপাত – যেন তিনিটা চকু। মাজৰ পাতটো যেন ফটা নাথাকে। পাতৰ মসৃণ দিশটো শিৱলিংগৰ ফালে ৰাখি অৰ্পণ কৰক। লগত ধতুৰা, আকন্দ, নীলা ফুল দিলে মহাদেৱ আৰু বেছি প্ৰসন্ন হয়।

৫. পঞ্চামৃত ৰুদ্ৰাভিষেক

ঘৰতে কৰিব পাৰে। গাখীৰ, দৈ, ঘিউ, মধু, গংগাজল একেলগ কৰি শিৱলিংগত অভিষেক কৰাওক। ইয়াক “পঞ্চামৃত” কয়। ইয়াৰ পিছত ঘৰৰ সকলো অসুবিধা নাশ হয়

আৰু ধন-ধান্য বৃদ্ধি হয়।

 

৬. মন্ত্ৰৰ শক্তি

পূজাৰ সময়ত “ওঁ নমঃ শিৱায়” ১০৮ বাৰ জপ কৰক। ৰাতি শুৱাৰ আগত “মহামৃত্যুঞ্জয় মন্ত্ৰ” ১ বাৰ পাঠ কৰক। এইটো মন্ত্ৰই মৃত্যুৰ মুখৰ পৰাও ৰক্ষা কৰে।
“ওঁ ত্ৰ্যম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম্”

৭. ধূপ-দীপ আৰু ধ্যান

সন্ধিয়া ঘৰৰ কোণত এচাকি ঘিউৰ চাকি জ্বলাওক। চকু মুদি ১০ মিনিট মহাদেৱৰ ৰূপ ধ্যান কৰক – নীলা কণ্ঠ, জটাত চন্দ্ৰ, গাত বাঘৰ ছাল। মনত অদ্ভুত শান্তি পাব।

৮.উপবাস আৰু সংযম

সোমবাৰে ফল-মূল খাই থাকক। সেইদিনা সত্য কথা কওক আৰু ব্ৰহ্মচৰ্য পালন কৰক। ইয়াৰ ফল ১০ গুণ বেছি হয়।

৯. সেৱাই প্ৰকৃত পূজা

মন্দিৰৰ লগতে পথৰ কুকুৰ-গৰুক অলপ খাবলৈ দিয়ক। অভাৱীক সাহায্য কৰক। এজোপা গছ ৰোপণ কৰক। কাৰণ মহাদেৱ প্ৰকৃতিৰ দেৱতা। আপুনি প্ৰকৃতিক সেৱা কৰিলে তেওঁ প্ৰত্যক্ষ আশীৰ্বাদ দিয়ে।

১০. শিৱ চালিশা আৰু কাহিনী

পূজাৰ শেষত শিৱ চালিশা পাঠ কৰক। আৰু মহাদেৱৰ লীলাৰ কাহিনী পঢ়ক। তেওঁ কেনেকৈ সাগৰ বিষ নিজে পান কৰি জগতক ৰক্ষা কৰিলে – এই কথা ভাবিলেই ভক্তি আহি যায়।

এনেকৈ ১৬টা সোমবাৰ বা ৪১ দিন নিয়মিত কৰক। দেখিব আপোনাৰ জীৱনত আৰ্থিক, মানসিক সকলো বাধা আঁতৰি যাব। মনত নতুন শক্তি আহিব।

Leave a Reply

Your email address will not be published. Required fields are marked *