আপুনিও গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে নেকি যদিহে ভুগি আছে তেন্তে গেষ্ট্ৰিকৰ পৰা উপশম পাবলৈ ১০টা উপায় আপোনাৰ বাবে

আপুনিও গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে নেকি যদিহে ভুগি আছে তেন্তে গেষ্ট্ৰিকৰ পৰা উপশম পাবলৈ ১০টা উপায় আপোনাৰ বাবে

 

 

 

১.সময়মতে খোৱা

দিনটোত ৫-৬ বাৰ অলপ অলপকৈ খাব। এবাৰত পেট ভৰাই নাখাব। খোৱাৰ সময় নাভাঙিব।

২.পাতল আৰু হজম হোৱা খাদ্য খাব

ভাতৰ লগত মুগ ডাইল, মচুৰ ডাইল খাব। লাউ, কুমুৰা, অমিতা, গাজৰ সিজাই খাব। ওটছ আৰু ডালিয়াও পেটৰ বাবে ভাল।

৩.পানী বেছিকৈ খাব

দিনত ৩-৪ লিটাৰ পানী খাব। কিন্তু খোৱাৰ লগে লগে বেছি পানী নাখাব। খোৱাৰ ৩০ মিনিট আগত বা পিছত খাব।

৪.দৈ খাব

দিনত ১ বাটি দৈ খালে পেটৰ ভাল বেক্টেৰিয়া বাঢ়ে। ই গেছ কমায়। লাচ্ছি খাব পাৰে।

৫.নেমু পানী আৰু জিৰা পানী

খোৱাৰ পিছত এগিলাচ নেমু পানী বা জিৰা পানী খালে গেছ তৎক্ষণাত কমে। ই পেট ঠাণ্ডা কৰে।

৬.আদা-তুলসী চাহ

দিনত ১ কাপ আদা-তুলসীৰ চাহ খাব। ই অম্ল কমায় আৰু হজমত সহায় কৰে। কিন্তু খালী পেটত নাখাব।

 

 

 

৭.খাই লৈ লগে লগে নুশুব

খোৱাৰ পিছত ২-৩ ঘণ্টা পিছত শুব লাগে। খাই লৈ ৩০ মিনিট খোজ কাঢ়িলে হজম ভাল হয়।

৮. বেয়া খাদ্য এৰিব

বেছি তেল-মছলা, ভজা-জ্বলা, আচাৰ, ফাষ্ট ফুড নাখাব। চাহ, কফি, কোল্ড ড্ৰিংক আৰু এলক’হল কমাব।

৯.গেছ কৰা খাদ্য কমাব

কেঁচা পিয়াঁজ, বান্ধাকবি, বেছি টেঙা ফল খালী পেটত নাখাব। এইবোৰে গেছ বঢ়ায়।

১০.টেনচন কমাব আৰু নিয়মীয়া জীৱন

মানসিক চাপত গেষ্ট্ৰিক বেছি হয়। ৰাতিপুৱা অলপ খোজ কাঢ়িব আৰু ৭-৮ ঘণ্টা টোপনি যাব।

যদি বুকু জ্বলা, বমি বা পেটৰ বিষ বেছি হয় তেন্তে ডাক্তৰক লগ কৰাটো দৰকাৰী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *