কটা-ছিঙাৰ ঘৰুৱা উপায়
১. হাত পৰিষ্কাৰ কৰা – আটাইতকৈ জৰুৰী
ঘাত হাত দিয়াৰ আগতে হাত দুখন চাবোন আৰু পৰিষ্কাৰ পানীৰে ২০ ছেকেণ্ড ধুই লওক। হাত লেতেৰা হৈ থাকিলে হাতৰ বীজাণু ঘাত সোমাই ঘা পকি যাব পাৰে।
২. তেজ বন্ধ কৰাৰ সঠিক নিয়ম
– পৰিষ্কাৰ তুলা বা চাফা ৰুমালেৰে কটা ঠাইত সমানে হেঁচা দি ধৰক।
– কটা ঠাইখন হৃদযন্ত্ৰতকৈ ওপৰলৈ দাঙি ধৰক, তেজৰ সোঁত কমি যাব।
– ৫ ৰ পৰা ১০ মিনিট একেৰাহে হেঁচা মাৰি থাকক, মাজে মাজে চাই থাকিব। বেছিভাগ সৰু কটা ১০ মিনিটতে বন্ধ হৈ যায়।
– যদি তেজ বৰকৈ ওলাই আছে তেন্তে হেঁচা মাৰিয়েই ওচৰৰ হস্পিতাললৈ যাওক।
৩. ঘা কেনেকৈ পৰিষ্কাৰ কৰিব
– তেজ বন্ধ হোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ২-৩ মিনিট ধুই থাকক।
– ভিতৰত বালি, শিলগুটি, মাটি সোমাই থাকিলে পৰিষ্কাৰ চেপেনাৰে লাহেকৈ উলিয়াওক।
– ঘাৰ ভিতৰত পোনে পোনে ডেটল, স্পিৰিট, চাবোন নলগাব, ইয়াত কোষবোৰ মৰি যায় আৰু বেছি জ্বলে। চাৰিওফালে লগাব পাৰে।

৪. ঘৰত থকা প্ৰাকৃতিক দৰব
– হালধি:হালধিত থকা কাৰকুমিনে বীজাণু মাৰে। অলপ হালধি গুড়ি অলপ পানীত মিহলাই ডাঠ পেষ্ট বনাই কটা ঠাইত পাতলকৈ লগাওক। ই তেজ গোট মৰাত সহায় কৰে।
– এলোভেৰা:এলোভেৰাৰ পাত ফালি ভিতৰৰ স্বচ্ছ জেল উলিয়াই কটা ঠাইত লগাওক। ই ঠাণ্ডা কৰে, বিষ আৰু জ্বলা-পোৰা কমায় আৰু ছাল সোনকালে গজিবলৈ সহায় কৰে।
– নিম পাতৰ পানী:১৫-২০ খন নিম পাত ২ গিলাচ পানীত ১০ মিনিট উতলাওক, তাৰ পিছত ঠাণ্ডা কৰি চেকি লওক। এই পানীৰে দিনে ২ বাৰ ঘা ধুলে ইনফেকচন নহয়।
– শুদ্ধ মৌ:সৰু আৰু পৰিষ্কাৰ ঘাত এবাৰ ধোৱাৰ পিছত একেবাৰে অলপ মৌ লগাব পাৰে। মৌৱে বীজাণু আহিবলৈ নিদিয়ে।
– নাৰিকল তেল:ঘা অলপ শুকাবলৈ ধৰিলে চাৰিওফালে অলপ কেঁচা নাৰিকল তেল লগালে ছাল শুকাই নাযায়।
৫. বেণ্ডেজ আৰু পিছৰ যত্ন
– ঘা ধুই শুকান কৰাৰ পিছত ওপৰত পৰিষ্কাৰ বেণ্ড-এইড লগাওক।
– বেণ্ডেজ বেছি টানকৈ নাবান্ধিব।
– প্ৰতিদিনে ১ বাৰকৈ বেণ্ডেজ সলনি কৰক আৰু ঘা কেনেকুৱা হৈছে চাওক।
– ঘাত ধূলি, বোকা, লেতেৰা পানী লাগিবলৈ নিদিব। গা ধোৱাৰ সময়ত পলিথিনেৰে ঢাকি ৰাখক।

৬. কি কি কৰিব নালাগে
– কটা ঠাইত দাঁতৰ পেষ্ট, চূণ, কেঁচা গোবৰ, জোঁকৰ তেল আদি একো নলগাব – ইয়াৰ পৰা ভয়ংকৰ ইনফেকচন হয়।
– ঘাৰ কেঁচা মুখটো নখেৰে খুচৰি নাথাকিব।
৭. কেতিয়া লগে লগে ডাক্তৰৰ ওচৰলৈ যাব লাগিব
– কটা ১ ইঞ্চিতকৈ ডাঙৰ বা দ’ হ’লে, ভিতৰৰ মঙহ ওলাই থাকিলে
– ১০ মিনিট হেঁচা মাৰিও তেজ বন্ধ নহ’লে
– মৰিছা লগা গজাল, তাঁৰ, দা, ব্লেডেৰে কাটিলে – ২৪ ঘণ্টাৰ ভিতৰত TT (টিটেনাচ)বেজী লবই লাগিব
– ঘা ৰঙা পৰি ফুলি উঠিলে, গৰম হ’লে, পূঁজ ওলালে, জ্বৰ আহিলে
মনত ৰাখিব, এইবোৰ সৰু ঘাৰ বাবেহে। ডাঙৰ ঘা হ’লে ঘৰত বহি নাথাকি ওচৰৰ স্বাস্থ্য কেন্দ্ৰত ডাক্তৰৰ পৰামৰ্শ লওক।
