প্ৰস্ৰাৱৰ সমস্যাৰ কাৰণ, লক্ষণ আৰু ঘৰুৱা উপায়
প্ৰস্ৰাৱৰ সমস্যা আজিকালি প্ৰায় সকলোৰে হয়, বিশেষকৈ পানী কম খোৱা, বেছি সময় প্ৰস্ৰাৱ ৰখাই থোৱা, আৰু গৰমৰ বাবে।
ইয়াক মেডিকেল ভাষাত ইউৰিনেৰি ট্ৰেক্ট ইনফেকচন (UTI-ইউ টি আই)বুলি কোৱা হয়।

প্ৰস্ৰাৱৰ সমস্যা কিয় হয়? (৫ টা মূল কাৰণ)
১. পানী কম খোৱা: দিনে ২ লিটাৰতকৈ কম পানী খালে প্ৰস্ৰাৱ গাঢ় হয়, বেক্টেৰিয়া বাঢ়ে।
২. ইউ টি আই (ইউৰিন ইনফেকচন): বেক্টেৰিয়া প্ৰস্ৰাৱৰ নলীত সোমালে জ্বলা-পোৰা, বাৰে বাৰে লগা হয়। মহিলাৰ ক্ষেত্ৰত বেছি হয়।
৩. ডায়েবেটিছ: চুগাৰ বেছি থাকিলে বাৰে বাৰে আৰু বেছিকৈ প্ৰস্ৰাৱ লাগে।
৪. প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হোৱা (পুৰুষৰ): ৪০ বছৰৰ ওপৰৰ পুৰুষৰ ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ কৰোতে সময় লগা, টোপা টোপে পৰা – এইবোৰ প্ৰষ্টেটৰ লক্ষণ।
৫. পাথৰ (কিডনি ষ্ট’ন): প্ৰস্ৰাৱত তেজ, কঁকালত বিষ, আৰু প্ৰস্ৰাৱ বন্ধ হৈ যোৱা যেন লগা।

লক্ষণবোৰ কি কি?
– বাৰে বাৰে প্ৰস্ৰাৱ লগা, কিন্তু অলপকৈ ওলোৱা
– প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা, বিষ
– প্ৰস্ৰাৱৰ ৰং হালধীয়া, গোন্ধ বেয়া
– তলপেটত বিষ, কঁকালত বিষ
– কেতিয়াবা জ্বৰ, কঁপনি
– ৰাতি ৩-৪ বাৰ উঠিব লগা

ঘৰত কি কৰিব লাগে – ৭ টা মহৌষধি উপায়:
১. পানী হৈছে আটাইতকৈ ডাঙৰ দৰব: দিনে ৩-৪ লিটাৰ পানী খাবই লাগিব। প্ৰস্ৰাৱৰ ৰং পানীৰ দৰে পাতল হ’ব লাগে।
২. ধনীয়া পাতৰ পানী: ৰাতি একাপ পানীত এমুঠি ধনীয়া পাত তিয়াই থৈ ৰাতিপুৱা সেই পানী খালী পেটত খাব। ইউ টি আই ৰ বাবে বহুত ভাল।
৩. ডাবৰ পানী আৰু গাখীৰ: দিনে ১-২ টা ডাবৰ পানী, আৰু গাখীৰৰ লগত ইচবগুলৰ ভুচি। প্ৰস্ৰাৱ পৰিষ্কাৰ কৰে।
৪. ক্ৰেনবেৰি জুচ: প্ৰস্ৰাৱৰ ইনফেকচনৰ বাবে আটাইতকৈ ভাল।
৫. তুলসী আৰু নহৰু: তুলসী পাতৰ ৰস আৰু ১-২ ফোটা নহৰু খালে বেক্টেৰিয়া মৰে।
৬. কি খাব নালাগে:
– জ্বলা-মচলা, আচাৰ, ফাষ্টফুড
– চাহ, কফি, মদ, ক’ল্ড ড্ৰিংকচ- এইবোৰে প্ৰস্ৰাৱত জ্বলা-পোৰা বঢ়ায়
– বেছি নিমখ
৭. পৰিষ্কাৰ-পৰিচ্ছন্নতা:
– বেছি সময় প্ৰস্ৰাৱ ৰখাই নাথাকিব
– টাইট কাপোৰ নিপিন্ধিব
– সদায় পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব
