মাইগ্ৰেনৰ পৰা মুক্তি পাবলৈ ঘৰুৱা উপায়: কিয় হয়, লক্ষণ কি আৰু কেনেকৈ সকাহ পাব?

মাইগ্ৰেনৰ পৰা মুক্তি পাবলৈ ঘৰুৱা উপায়: কিয় হয়, লক্ষণ কি আৰু কেনেকৈ সকাহ পাব?

আজিকালি প্ৰায়বোৰ মানুহৰে মাইগ্ৰেনৰ সমস্যা। সাধাৰণ মূৰৰ বিষ বুলি ভাবি বহুতে গুৰুত্ব নিদিয়ে, কিন্তু মাইগ্ৰেন হ’লে এফালে দপদপকৈ বিষোৱা, পোহৰ-শব্দ সহ্য কৰিব নোৱাৰা, বমি ভাৱ অহা, চকুৰ আগত পোহৰৰ জিলিকনি দেখা আদি হয়।

মাইগ্ৰেন কিয় বাঢ়ে?
১. টোপনি কম হোৱা বা বেছি হোৱা
২. বেছি টেনচন, মানসিক চাপ
৩. পানী কম খোৱা, খালী পেটত থকা
৪. বেছি চাহ-কফি, চকলেট, ফাষ্টফুড, মদ্যপান
৫. গৰমত বেছি সময় ৰ’দত থকা, ফোন-লেপটপৰ অত্যধিক ব্যৱহাৰ
৬. মহিলাৰ ক্ষেত্ৰত হৰমোনৰ পৰিৱৰ্তন

ঘৰতে কৰিব পৰা ৭ টা কাৰ্যকৰী উপায়:

১. আন্ধাৰ আৰু শান্ত পৰিৱেশ:বিষ উঠাৰ লগে লগে লাইট, ফোন, টিভি বন্ধ কৰি ঠাণ্ডা আন্ধাৰ কোঠাত ৩০-৪৫ মিনিট চকু মুদি শুই থাকক।

২. ঠাণ্ডা আৰু গৰম সেক: কপালত ১৫ মিনিট ঠাণ্ডা বৰফৰ সেক আৰু ডিঙিৰ পিছফালে গৰম পানীৰ সেক দিলে ৰক্ত সঞ্চালন ভাল হয় আৰু বিষ কমে।

৩. আদা, তুলসী আৰু পুদিনা: আদা থেতেলাই গৰম পানীত উতলাই মৌ আৰু নেমু মিহলাই খাওক। পুদিনাৰ তেলেৰে কপালত মালিচ কৰিলে লগে লগে সকাহ পোৱা যায়।

৪. পানী আৰু খাদ্য: পুৱা খালী পেটত কুহুমীয়া পানী খাওক। দিনটোত ৩-৪ লিটাৰ পানী খাব। মেগনেচিয়াম থকা খাদ্য যেনে কল, বাদাম, আখৰোট, পালেং শাক, গাখীৰ বেছিকৈ খাওক।

৫. যোগ আৰু প্ৰাণায়াম: প্ৰতিদিনে ৰাতিপুৱা ১৫ মিনিট অনুলোম-বিলোম, ভ্ৰামৰী প্ৰাণায়াম আৰু মেডিটেচন কৰিলে মাইগ্ৰেনৰ এটেক ৭০% লৈকে কমি যায়।

৬. মালিচ থেৰাপী: ডিঙি, কান্ধ আৰু মূৰৰ পিছফালে ৫-১০ মিনিট লাহে লাহে মালিচ কৰিলে টান হৈ থকা নছবোৰ ঢিলা হয়।

৭. টোপনিৰ ৰুটিন: ৰাতি ১১ বজাৰ আগতে শুবলৈ চেষ্টা কৰক আৰু পুৱা একে সময়তে উঠক। শোৱাৰ ১ ঘণ্টা আগতে মোবাইল নাচাব।

কেতিয়া ডাক্তৰক লগ কৰিব?
যদি মাহত ৫ বাৰতকৈ বেছি মাইগ্ৰেন হয়, বিষ ৭২ ঘণ্টাতকৈ বেছি থাকে, কথা কোৱাত জড়তা, হাত-ভৰি জিনজিনোৱা, জ্বৰ লগত মূৰৰ বিষ হয়, তেন্তে ঘৰুৱা উপায়তে বহি নাথাকি সোনকালে নিউৰ’লজিষ্টৰ পৰামৰ্শ লওক।

Leave a Reply

Your email address will not be published. Required fields are marked *