জনতা ভৱনৰ সন্মুখত মাতৃৰ হিয়াভঙা বিননি, পুত্ৰৰ মৃ*ত্যুৰ ন্যায়ৰ আকুল আৰ্তনাদ

জনতা ভৱনৰ সন্মুখত মাতৃৰ হিয়াভঙা বিননি, পুত্ৰৰ মৃ*ত্যুৰ ন্যায়ৰ আকুল আৰ্তনাদ

জনতা ভৱনৰ সন্মুখত এগৰাকী অসহায় মাতৃৰ হৃদয়বিদাৰক কান্দোন। পুত্ৰৰ ৰহস্যজনক মৃ*ত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ আশাত লখিমপুৰৰ পৰা গুৱাহাটীলৈ ঢাপলি মেলি প্ৰতিবাদত বহিল মাতৃগৰাকী।

এই দুৰ্ভগীয়া মাতৃগৰাকী হৈছে লক্ষ্মী ওৰফে জেৰিনা বৰা। তেওঁৰ দৃঢ় অভিযোগ, তেওঁৰ পুত্ৰ ৰাকেশ বৰাৰ মৃ*ত্যু কোনো পথ দুৰ্ঘ*টনা নহয়, এয়া এক সুপৰিকল্পিত হ*ত্যাকা*ণ্ডহে।

জানিব পৰা মতে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত বগীনদীৰ কলাপানীত ৰাকেশৰ ৰহস্যজনক মৃ*ত্যু হৈছিল। ঘটনাৰ পিছতে মাতৃগৰাকীয়ে বগীনদী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে সেই এজাহাৰক কোনো গুৰুত্বই নিদিলে বুলি তেওঁ অভিযোগ কৰিছে।

জেৰিনা বৰাৰ মতে, তেওঁৰ এজাহাৰত পদ্মেশ্বৰ গগৈ, দিপু গগৈ, শৰৎ সোণোৱাল আৰু ৰুবুল তামুলীৰ নাম স্পষ্টকৈ উল্লেখ কৰা হৈছিল, কিন্তু আজিপৰ্যন্ত এজনৰ বিৰুদ্ধেও কোনো ব্যৱস্থা লোৱা হোৱা নাই। আনকি টকাৰ বিনিময়ত আৰক্ষীক ‘মেনেজ’ কৰাৰ দৰে গুৰুতৰ অভিযোগো উত্থাপন কৰিছে মাতৃগৰাকীয়ে। বগীনদী থানাৰ জনৈক গংগাফুকন নামৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধেও তেওঁ আঙুলি টোৱাইছে।

মাতৃগৰাকীয়ে লগতে কয়, ৰাকেশৰ মৃ*তদে*হত আ*ঘাতৰ স্পষ্ট চিন আছিল, কিন্তু তেওঁ চলাই যোৱা স্কুটাৰখনত দুৰ্ঘট*নাৰ এটা আঁচোৰো নাছিল। এই কথাই সমগ্ৰ ঘটনাটোক অধিক ৰহস্যজনক কৰি তুলিছে।

বাৰে বাৰে থানাৰ দুৱাৰত টোকৰ মাৰিও সন্তোষজনক উত্তৰ নাপাই অৱশেষত ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে জেৰিনা বৰা। তেওঁ এই ঘটনাৰ CBI তদন্তৰ দাবী জনাইছে।

উল্লেখ্য যে, দুবছৰ পূৰ্বে স্বামী মিণ্টু বৰাকো হেৰুৱাইছিল জেৰিনা বৰাই। স্বামীৰ বিয়োগৰ পিছত একমাত্ৰ পুত্ৰকো হেৰুৱাই এতিয়া সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছে মাতৃগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *