পেটৰ সমস্যাৰ ঘৰুৱা উপায়

পেটৰ সমস্যাৰ ঘৰুৱা উপায়

পেট হৈছে আমাৰ শৰীৰৰ দ্বিতীয় মগজু। পেট বেয়া হলে গোটেই দিনটো বেয়া যায়। আজিকালি প্ৰায় ৮০% মানুহে গেছ, অম্লতা, কোষ্ঠকাঠিন্য, বদহজম, পেট ফুলা আদি সমস্যাত ভুগি থাকে। ইয়াৰ প্ৰধান কাৰণ হৈছে ভুল খাদ্যাভ্যাস, পানী কম খোৱা, ৰাতি দেৰিকৈ খোৱা, টেনচন আৰু শাৰীৰিক পৰিশ্ৰম নকৰা। দামী ঔষধ খোৱাতকৈ ঘৰতে থকা বস্তুৰে এই সমস্যাৰ স্থায়ী সমাধান কৰিব পাৰি।

১. পেটৰ গেছ আৰু অম্লতাৰ (Acidity) ঘৰুৱা উপায়

পেটত জ্বলা-পোৰা, বুকু জ্বলা, টেঙা উগাৰ আহিলে~

পুৱা খালী পেটত ২ গিলাচ কুহুমীয়া গৰম পানী খোৱাটো আটাইতকৈ ডাঙৰ ঔষধ। ই পেটৰ এচিড বাহিৰ কৰি দিয়ে। দিনটোত ৩ লিটাৰ পানী খাবই লাগিব। ঠাণ্ডা গাখীৰে এচিডিটিৰ লগে লগে আৰাম দিয়ে। নাৰিকলৰ পানী, কল, আৰু তুলসী পাত ৪-৫ খিলা চোবাই খালে গেছ কমে। খোৱাৰ পিছত এচামুচ আদাৰ ৰস + নেমু + অলপ জিৰা গুড়ি গৰম পানীত মিহলাই খালে গেছ নহয়। চাহ, কফি, ক’ল্ড ড্ৰিংকছ, ময়দা, আৰু বেছি তেলত ভজা বস্তু সম্পূৰ্ণ বন্ধ কৰক।

১. কোষ্ঠকাঠিন্যৰ (Constipation) স্থায়ী সমাধান

২-৩ দিন শৌচ খোলোচা নহলে শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়। ইয়াৰ বাবে ৰাতি শুৱাৰ আগৰ উপায়বোৰ আটাইতকৈ ফলপ্ৰসূ।
(ক) ইসবগুলৰ ভূষি(Psyllium Husk): ১ গিলাচ গৰম গাখীৰ বা পানীত ২ চামুচ ইসবগুল মিহলাই লগে লগে খাই দিয়ক। ই পানী শুহি মল নৰম আৰু ডাঙৰ কৰে ফলত সহজে ওলাই যায়।
(খ) ত্ৰিফলা গুড়ি: আয়ুৰ্বেদৰ শ্ৰেষ্ঠ ঔষধ। ১ চামুচ ত্ৰিফলা কুহুমীয়া পানীৰে শুৱাৰ আগত। ই লিভাৰ চাফা কৰে আৰু অভ্যাস নকৰে।
(গ) ঘিউ আৰু গাখীৰ: ১ গিলাচ গৰম গাখীৰত ১-২ চামুচ দেশী গৰুৰ ঘিউ। বুঢ়া-বুঢ়ী আৰু শিশুৰ বাবে আটাইতকৈ নিৰাপদ।
দিনত পকা অমিতা, পকা কল, নাচপতি, আৰু ৰাতি পানীত তিয়াই থোৱা ৫টা কিচমিচ আৰু ২টা খেজুৰ খাওক।

 

 

১. বদহজম আৰু পেট ফুলাৰ উপায়

খোৱাৰ পিছত পেট গধুৰ, টোপনি অহা, পেট ফুলি থকা। ইয়াৰ বাবে খোৱাৰ আগত অলপ আদা, নেমু চোবাই খাওক। ই হজমৰ ৰস বঢ়ায়। দৈৰ লগত ভজা জিৰা আৰু হিং মিহলাই খালে পেটৰ বায়ু ওলাই যায়। খোৱাৰ পিছত লগে লগে শুই নাথাকিব, ১০ মিনিট খোজ কাঢ়ক। বজ্ৰাসনত ৫ মিনিট বহিলে খাদ্য সোনকালে হজম হয়।

১. পেটৰ কৃমি আৰু বিষৰ বাবে

পুৱা খালী পেটত ৪-৫ খিলা নিমপাত বা হালধি আৰু গৰম পানী খালে কৃমি মৰে। কেঁচা নহৰু ১-২ ফোটা খালী পেটত খালেও কৃমি নাশ হয়।

 

শেষত মনত ৰাখিবলগীয়া ৫টা সোণালী নিয়ম

১. সময়ত খাওক, ৰাতি ৮ বজাৰ ভিতৰত আহাৰ শেষ কৰক।
২. দিনে ৩ লিটাৰ পানী আৰু ৩০ মিনিট খোজ।
৩. একে সময়তে শৌচ যোৱাৰ অভ্যাস কৰক, বেগ ৰাখি নাথাকিব।
৪. মানসিক চাপ কম ৰাখক, ভালকৈ শুৱক।
৫. এই উপায় ৭ দিন কৰিও ভাল নহলে, পেটত তীব্ৰ বিষ, বমি, তেজ ওলোৱা বা ওজন কমি গলে অৱশ্যে ডাক্তৰৰ পৰামৰ্শ লওক।

Leave a Reply

Your email address will not be published. Required fields are marked *