আপুনিও বাৰু কাণৰ সমস্যাত ভুগি আছে নেকি যদি ভুগি আছে কাণৰ যত্ন কেনেকৈ ল’ব – সম্পূৰ্ণ উপায় আপোনাৰ বাবে

আপুনিও বাৰু কাণৰ সমস্যাত ভুগি আছে নেকি যদি ভুগি আছে কাণৰ যত্ন কেনেকৈ ল’ব – সম্পূৰ্ণ উপায় আপোনাৰ বাবে

কাণ হ’ল আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ অংগ। চকুৰ দৰেই কাণৰ যত্ন লোৱাটোও অতি প্ৰয়োজনীয়। অলপ অসাৱধানতাৰ বাবে আমাৰ শুনা শক্তি চিৰদিনৰ বাবে কমি যাব পাৰে। সেয়ে কাণৰ যত্ন কেনেকৈ ল’ব লাগে জানি থোৱা দৰকাৰ।

১. কাণত কেতিয়াও কাঠী, চাবি, কলম নভৰাব
আমাৰ বহুতৰে অভ্যাস আছে কাণত খজুৱতি উঠিলেই কাঠী বা অন্য সজুলিৰে খুচৰি থকা। এই অভ্যাসে কাণৰ আটাইতকৈ বেছি ক্ষতি কৰে। ইয়াৰ ফলত কাণৰ ভিতৰৰ অতি পাতল পৰ্দাখন ফাটি যাব পাৰে, ভিতৰত ঘা হৈ সংক্ৰমণ হ’ব পাৰে। মনত ৰাখিব, কাণে নিজে নিজে মলি পৰিষ্কাৰ কৰি বাহিৰলৈ উলিয়াই দিয়ে।

২. ডাঙৰ শব্দ আৰু হেডফোনৰ অত্যধিক ব্যৱহাৰৰ পৰা আঁতৰি থাকক
আজিকালি ডেকা ল’ৰা ছোৱালীয়ে দিনটো হেডফোন লগাই ডাঙৰ শব্দত গান শুনি থাকে। ইয়াৰ ফলত ভিতৰৰ স্নায়ু লাহে লাহে দুৰ্বল হৈ যায় আৰু ৩০ বছৰ বয়সতে শুনা শক্তি কমি যায়। উপায় হ’ল – ৬০/৬০ নিয়ম মানি চলক। ৬০ শতাংশতকৈ বেছি ভলিউমত গান নুশুনিব আৰু একেলগে ৬০ মিনিটতকৈ বেছি হেডফোন ব্যৱহাৰ নকৰিব।

 

 

৩. কাণত পানী সোমাবলৈ নিদিব
পুখুৰী, নদীত গা ধোঁতে বা চুইমিং পুলত কাণত পানী সোমালে লগে লগে মূৰটো কাটি কৰি জঁপিয়াই পানী উলিয়াই দিয়ক। পানী জমা হৈ থাকিলে কাণত ভেকুৰ লাগি বিষ আৰু পূজ হ’ব পাৰে। যি সকলে সদায় পানীত কাম কৰে তেওঁলোকে কাণত দিব পৰা বিশেষ টুপী ব্যৱহাৰ কৰিব পাৰে।

৪. কাণৰ মলিৰ বিষয়ে ভুল ধাৰণা এৰক:
কাণৰ মলি লেতেৰা বস্তু নহয়। ই হ’ল কাণৰ সুৰক্ষা কৱচ। ই বাহিৰৰ ধূলি বালি, পোক পৰুৱা ভিতৰলৈ সোমাবলৈ নিদিয়ে। সেয়ে সদায় কাণ খুচৰি মলি উলিয়াই থকাৰ দৰকাৰ নাই। যদি কাণ বন্ধ হৈ গৈছে, কম শুনিছে, ভো ভো শব্দ হৈছে তেন্তে ঘৰত তেল বা অন্য একো নিদি পোনে পোনে চিকিৎসকৰ ওচৰলৈ যাওক।

৫. সৰু ল’ৰা ছোৱালী আৰু বৃদ্ধ লোকৰ বিশেষ যত্ন:
সৰু ল’ৰা ছোৱালীয়ে খেলি থাকোঁতে মাৰ্বল, ৰবৰ, কলমৰ সাঁফৰ কাণত ভৰাই দিয়ে। এনে হ’লে নিজে চিমটাৰে উলিয়াবলৈ চেষ্টা নকৰিব। লগে লগে নাক কাণ ডিঙিৰ চিকিৎসকৰ ওচৰলৈ নিব। একেদৰে ডায়েবেটিছ, উচ্চ ৰক্তচাপ থকা বৃদ্ধ লোকৰ কাণৰ সমস্যা বেছি হয়, সেয়ে তেওঁলোকে বছৰত এবাৰ কাণ পৰীক্ষা কৰাটো ভাল।

 

ঘৰুৱা সাৱধানতা আৰু উপায়:
– কাণত কেতিয়াও সৰিয়হৰ তেল, নহৰুৰ ৰস আদি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিদিব।
– চৰ্দি, কাহ, চাইনাছ হ’লে পলম নকৰি চিকিৎসা কৰক, কাৰণ নাকৰ লগত কাণৰ পোনপটীয়া সম্পৰ্ক আছে।
– বাহিৰলৈ ওলালে কাণত ধূলি সোমাবলৈ নিদিবলৈ কাপোৰ বা টুপী ব্যৱহাৰ কৰক।
– বছৰত এবাৰ হ’লেও কাণৰ শুনা শক্তি পৰীক্ষা কৰক।

মনত ৰাখিব, এবাৰ শুনা শক্তি হেৰাই গ’লে ঘূৰাই পোৱাটো বহুত কঠিন। সেয়ে আজিৰ পৰাই সাৱধান হওক। কাণত বিষ, পূজ ওলোৱা, খজুৱতি, কম শুনা, মূৰ ঘূৰোৱা আদি যিকোনো সমস্যা দেখিলে ঘৰত বহি নাথাকি নাক কাণ ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।

Leave a Reply

Your email address will not be published. Required fields are marked *