গৰ্ভৱতী মহিলাই কি কি খাব লাগে আৰু কি কি খালে শিশু আৰু মাকৰ স্বাস্থ্য ভালে থাকে

গৰ্ভাৱস্থাত মা আৰু শিশু দুয়োৰে বাবে পুষ্টিকৰ খাদ্য খোৱাটো বহুত দৰকাৰী। প্ৰতিদিনে ডাইল খাব যেনে মুগ ডাইল, মচুৰ ডাইল, ৰহৰ ডাইল। লগতে ৰাজমা, চয়াবিন খাব পাৰে। প্ৰ’টিনৰ বাবে লোকেল কণী
সিজাই খাব, লোকেল মাছ ~মাংস ভালকৈ ৰান্ধি সপ্তাহত ৩-৪ বাৰ খাব পাৰে। গাখীৰ দিনত ২ গিলাচ খোৱাৰ চেষ্টা কৰিব লগতে দৈ আৰু পনীৰো খাব ইয়াৰ ফলত শিশুৰ শৰীৰটো ভালকৈ গঢ় লৈ উঠিব আৰু গৰ্ভৱতী মহিলা গৰাকীয়েও শাৰীৰিক সুস্থৰ লগতে দুৰ্বলৰ পৰা পৰিত্ৰাণ থাকিব।

ৰক্ত কম নোহোৱাকৈ থকাৰ বাবে লোহা আৰু ফ’লিক এচিড বহুত দৰকাৰ। সেইবাবে পালেং শাক, মেথি শাক, কলমৌ শাক, পুই শাক সপ্তাহত ৪-৫ বাৰ খাব। গুড়, খেজুৰ,বিটো খাব পাৰে লগতে কমলা, নেমু, আমলখি, বিলাহীৰ দৰে ভিটামিন চি থকা আহাৰ খাব। ডাক্তৰে যি আইৰন আৰু ফ’লিক এচিডৰ টেবলেট দিয়ে সেই টেবলেট খিনি এদিনো বাদ নিদিব।

 

 

 

 

শিশুৰ হাড় আৰু দাঁতৰ বাবে কেলচিয়াম লাগে। গতিকে গাখীৰ, দৈ, পনীৰ, ছানা তিল, বাদাম, খাব । সৰু মাছ কাঁইটসহ খালে কেলচিয়াম বেছি পোৱা যায়। লগতে প্ৰতিদিনে ১৫ মিনিটমান ৰ’দত বহিব যাতে ভিটামিন ডি পায়।

গৰ্ভাৱস্থাত গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা বেছি হয়। সেইটো ৰোধ কৰিবলৈ ফাইবাৰযুক্ত খাদ্য খাব। ওটছ, ডালিয়া, ব্ৰাউন ৰাইচ, ব্ৰাউন ব্ৰেড খাব। শাক-পাচলিৰ ভিতৰত লাউ, কুমুৰা, গাজৰ, বীনছ, ভেণ্ডি খালে ভাল। ফলৰ ভিতৰত আপেল, কল,নাছপাতি, সুমথিৰা খাব। আৰু পানী দিনত ৩-৪ লিটাৰ খাব।

 

 

 

 

 

শিশুৰ মগজু আৰু চকুৰ বাবে ভাল চৰ্বি আৰু ওমেগা -৩ লাগে। সেইবাবে বাদাম, আখৰোট, চিয়া চীদ এমুঠি খাব ভাতত অলপ ঘিউ দি খাব পাৰে।

কিন্তু কিছুমান খাদ্য একেবাৰে নাখাব। কেঁচা মাছ, কেঁচা মাংস, আধা সিজা কণী, কেঁচা অংকুৰত বেক্টেৰিয়া থাকে গতিকে সেইবোৰ নাখাব। বাহিৰৰ ষ্ট্ৰীট ফুড, বেছি তেল-মছলা, চিপছ, কোল্ড ড্ৰিংক একেবাৰে নাখাব। চাহ-কফি দিনত ১ কাপতকৈ বেছি নাখাব। এলক’হল, চিগাৰেট, তামোল-পাণ একেবাৰে নাখাব। প্ৰথম ৩ মাহত কেঁচা অমিতা আৰু আনাৰস নাখাব। বেছি মিঠাই, কেক খালে ওজন আৰু চেনি বাঢ়িব পাৰে। প্ৰথম ৩ মাহত বমি বেছি হয় গতিকে শুকান বিস্কুট, নেমু পানী খাই থাকিব আৰু অলপ অলপকৈ খাব। দ্বিতীয় ৩ মাহত ভোক বেছি হয় গতিকে প্ৰ’টিন আৰু কেলচিয়াম বেছিকৈ খাব। শেষৰ ৩ মাহত ফাইবাৰ বেছি দৰকাৰ আৰু অলপ অলপ খোজ কাঢ়িব।

 

সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হল প্ৰতিগৰাকী মহিলাৰ শৰীৰ বেলেগ। গতিকে ডাক্তৰে যি কয় সেইখিনি নিয়মীয়াকৈ মানি চলিলে শিশুৰ লগতে মাকৰ স্বাস্থ্যও ভালে থাকে

Leave a Reply

Your email address will not be published. Required fields are marked *