নেপালৰ বানত আবদ্ধ মহাৰাষ্ট্ৰৰ ৬০ কৈলাশ যাত্ৰী, পৰিয়ালৰ মাজত হাহাকাৰ

নেপালত সংঘটিত ভয়াৱহ বানপানীৰ পিছত কৈলাশ মানসৰোৱৰ যাত্ৰাত যোৱা মহাৰাষ্ট্ৰৰ প্ৰায় ৬০ জন তীৰ্থযাত্ৰী সন্ধানহীন হৈ আছে। পুনে, মুম্বাই, থানে আৰু নৱী মুম্বাইৰ এই যাত্ৰীসকলৰ সৈতে পৰিয়ালে যোগাযোগ কৰিব পৰা নাই, যাৰ বাবে উদ্বেগ বৃদ্ধি পাইছে।
জানিব পৰা মতে, ২৬ আগষ্টৰ পুৱা প্ৰায় ৮:২৭ বজাত নেপাল-তিব্বত সীমান্তৰ ৰাসুৱাগাঢ়ী অঞ্চলত শেষবাৰৰ বাবে দেখা গৈছিল যাত্ৰীসকলক। সেই সময়তে পাহাৰৰ পৰা নামি অহা বিপুল ধ্বংসাৱশেষ, বোকা আৰু শিলৰ তলত বহু যাত্ৰী পোত খাই যোৱাৰ আশংকা কৰা হৈছে।

পুনেৰ ৬৭ জনীয়া দলটোৰ ভেংকটৰাম অন্নমদেৱৰা (৫২) আৰু তেওঁৰ পত্নী অনঘা অন্নমদেৱা (৪৯) এতিয়াও সন্ধানহীন। তেওঁলোকৰ কন্যা তনৱীয়ে তথ্য থাকিলে প্ৰশাসনক জনাবলৈ আহ্বান জনাইছে।
আনহাতে থানে জিলাৰ পৰা ২৩ আগষ্টত ৰিচা ট্যুৰছৰ জৰিয়তে যোৱা ১২ জন যাত্ৰীৰ ভিতৰত ২ জন তিব্বতত সুৰক্ষিত বুলি জানিব পৰা গৈছে যদিও বাকী ১০ জনৰ এতিয়াও কোনো শুংসূত্ৰ নাই। মুম্বাইৰ আন্দেৰীৰ ডাঃ মিলিন্দ চিতালেৰ হিল এণ্ড ট্ৰেকিং কোম্পানীৰ জৰিয়তে যোৱা আন যাত্ৰীসকলৰ অৱস্থাও একে।

৯০ কিলোমিটাৰ পথত বোকা আৰু শিল জমা হোৱাৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। দুৰ্গম ভূখণ্ডৰ বাবে হেলিকপ্টাৰৰ সহায়তহে অনুসন্ধান চলাবলগীয়া হৈছে।
