সোণাপুৰৰ ভয়ংকৰ পথ দু**ৰ্ঘটনাত ৭ জনৰ মৃ**ত্যু, এটা গাঁতৰ বাবেই হেৰাল ৭ টা জীৱন

নতুন চাকৰিত যোগদান কৰাৰ বুকুভৰা আশা লৈ দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জাগীৰোডৰ নখোলাৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীলৈ ওলাই আহিছিল প্ৰশান্ত তালুকদাৰ। পেছাত এগৰাকী ইলেক্ট্ৰিচিয়ান প্ৰশান্তে এজন ব্যক্তিৰ অধীনত নতুনকৈ কামত সোমাবলৈ ওলাইছিল। কিন্তু পাঞ্জাবাৰী পোৱাৰ পূৰ্বেই ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত আধাবাটতে জীৱন নাটৰ সামৰণি পৰিল তেওঁৰ।
প্ৰশান্তৰ দৰে একে দুৰ্ঘটনাতে চিৰদিনৰ বাবে হেৰাই গ’ল আৰু ৬ গৰাকীকৈ লোকৰ জীৱন। NHIDCLৰ চৰম গাফিলতিৰ বাবে সৃষ্টি হোৱা পথৰ এটা ডাঙৰ গাঁতৰ বাবেই কিলাৰ হাইৱে’লৈ পৰিণত হ’ল সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ। আপোনজনক লগ পোৱাৰ হেঁপাহ বহুতৰে বাবে মাথোঁ হেঁপাহ হৈয়েই ৰ’ল।
জাগীৰোডৰ নখোলাত থকা প্ৰশান্তৰ ঘৰত এতিয়া শোকৰ ছাঁ। পত্নী, দুগৰাকী কণমানি কন্যা আৰু বিধৱা মাতৃক এৰি থৈ গ’ল তেওঁ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ ভৰষা আছিল প্ৰশান্তেই। বৰ্তমান তেওঁৰ নিথৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত আছে।
এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা আন লোকসকল হ’ল – উলুবাৰীৰ ইদ্ৰিছ আলী, লাহৰীঘাটৰ অনিমা ডেকা বৰদলৈ, কপালকাটাৰ ইনছান আলী, কাঁহিকুছিৰ তফজুল আলী, জাগীৰোডৰ গোপাল দাস আৰু গুৱাহাটীৰ জ্যোতিকা ৰংহাং।
উল্লেখযোগ্য যে, লাহৰীঘাটৰ অনিমা ডেকা বৰদলৈ আত্মসহায়ক গোটৰ কামত জড়িত আছিল আৰু দেওবাৰে মৰিগাঁৱৰ পৰা সোণাপুৰৰ ঘৰলৈ ঘূৰি আহি আছিল। দুৰ্ঘটনাত ভৰি, বুকু আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দিছপুৰৰ কচমো হাস্পতালত চিকিৎসাধীন অৱস্থাত নিশা তেওঁৰ মৃত্যু হয়। বৰ্তমান ৩ জনৰ মৃতদেহ GMCHত, ৩ জনৰ সোণাপুৰ হাস্পতালত আৰু এগৰাকীৰ মৃতদেহ কচমো হাস্পতালত ৰখা হৈছে।
