লাখ টকাৰ কৰ্কটৰ দৰবত কেৱল পানী! চৰকাৰী হাস্পতালত কেনেকৈ চলিছিল মৃত্যুৰ বেহা?
জীৱন বচাবলৈ ৰোগীয়ে লাখ টকা দি কিনা ঔষধত যদি পানী থাকে, তেন্তে কি হ’ব? এনে এক ভয়ংকৰ আৰু হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। চৰকাৰী হাস্পতালক কেন্দ্ৰ কৰি এটা ভয়ংকৰ দুষ্টচক্ৰই ক’লা বজাৰত কৰ্কট ৰোগৰ দামী দৰবৰ নামত মানুহৰ জীৱনৰ সৈতে হেতালি খেলি আহিছিল।

কৰ্কট ৰোগৰ আটাইতকৈ দামী আৰু জীৱন ৰক্ষাকাৰী বুলি কোৱা ‘এভেলুমাব’ নামৰ ইনজেকচনটোৰ প্ৰতিটো ভায়েলৰ দাম ১ লাখ টকা। কিন্তু আচৰিত কথা – দিল্লী আৰক্ষীয়ে তদন্তত পাইছে যে এই ভায়েলবোৰত কোনো ঔষধ নাই, আছে কেৱল সাধাৰণ পানী। লেবৰটৰীত পৰীক্ষা কৰাত এই ভয়ংকৰ সত্য পোহৰলৈ আহিছে।
আৰক্ষীয়ে চলোৱা অভিযানত এই চক্ৰৰ পৰা প্ৰায় ৯ কোটি টকা মূল্যৰ ৫৪৬ টা ভুৱা ভায়েল জব্দ কৰা হৈছে। লগতে ৫০ লাখ টকা নগদ ধনো জব্দ হৈছে। এই চক্ৰটোৱে খালী ভায়েল গোটাই তাত পানী ভৰাই নতুন ৰেপাৰ লগাই চৰকাৰী হাস্পতাল আৰু ডাঙৰ ফাৰ্মাচীত বিক্ৰী কৰি আহিছিল। কেৱল এভেলুমাবেই নহয়, কেট্ৰুডা, গাৰ্ডিচ, মাবথেৰাৰ দৰে কোটি টকীয়া কৰ্কটৰ দৰবো নকলকৈ বনাইছিল।

এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। এতিয়ালৈকে ১৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই নেটৱৰ্ক দিল্লীৰ পৰা হায়দৰাবাদ, উত্তৰ প্ৰদেশলৈকে বিয়পি আছে বুলি আৰক্ষীয়ে জনাইছে। ৰোগীৰ জীৱনৰ সৈতে খেলা এই দুষ্টচক্ৰক কঠোৰ শাস্তি দিবলৈ দাবী উঠিছে।
