জুবিন গাৰ্গক ন্যায় দিয়ক! ৭ দফীয়া বিস্ফোৰক দাবীৰে ৰাজ্যপালৰ কাষত গৰিমা শইকীয়া গাৰ্গ
কাৰাগাৰৰ পৰা ওলোৱা অভিযুক্তৰ বিৰুদ্ধে পুনৰ গোচৰ আৰু ভিতৰত থকা অভিযুক্তৰ জামিনত বাধা দিবলৈ দাবী
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য। এইবাৰ পোনপটীয়াকৈ ৰাজভৱনৰ দুৱাৰত উপস্থিত শিল্পী সমাজ।
পত্নী গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত বুধবাৰে অসমৰ আগশাৰীৰ শিল্পী, অভিনেতাৰ এটা সঁজাতি দলে ৰাজ্যপালক সাক্ষাৎ কৰে।
ৰাজ্যপালক সাক্ষাৎ কৰা দলটোত উপস্থিত আছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী মঞ্জুলা বৰা, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, ৰাজেশ ভূঞা, ৰাহুল গৌতম শৰ্মা আৰু জয়ন্ত কাকতি।
দলটোৱে ৰাজ্যপালক ৭ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
কি কি আছিল স্মাৰক পত্ৰত?
স্মাৰক পত্ৰত দুটা গুৰুত্বপূৰ্ণ দাবীত গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰথমটো হৈছে, কাৰাগাৰৰ পৰা জামিনত ওলাই অহা অভিযুক্তসকলৰ বিৰুদ্ধে পুনৰ নতুনকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিব লাগিব।
দ্বিতীয়টো হৈছে, এতিয়াও কাৰাগাৰত থকা অভিযুক্তসকলে যাতে কোনো প্ৰকাৰে জামিন লাভ কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰৰ পৰা কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
এই সাক্ষাৎৰ অন্তত গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত আবেগিক হৈ কয়, “দোষীয়ে শাস্তি পাবই লাগিব, জুবিনে ন্যায় পাবই লাগিব। জুবিনৰ অনুৰাগীয়ে ন্যায়ৰ বাবে বাট চাই আছে।”
