ফটা গোৰোহাই লাজ দিছে নেকি? এই ঘৰুৱা উপায়েৰে পাওক কোমল আৰু ধুনীয়া ভৰি

 

ফটা গোৰোহাই লাজ দিছে নেকি? এই ঘৰুৱা উপায়েৰে পাওক কোমল আৰু ধুনীয়া ভৰি

 

ভৰিৰ গোৰোহা ফটা আৰু গোৰোহাৰ বিষ – কাৰণ আৰু ঘৰুৱা সম্পূৰ্ণ উপায়

ভৰিৰ গোৰোহা ফটা আৰু গোৰোহাৰ বিষৰ সমস্যাটো আজিৰ সময়ত প্ৰায় প্ৰতিঘৰতে দেখিবলৈ পোৱা এটা সাধাৰণ কিন্তু বৰ অস্বস্তিকৰ সমস্যা। আৰম্ভণিতে ই কেৱল দেখিবলৈ বেয়া লগা যেন লাগিলেও লাহে লাহে ইয়াৰ পৰা বিষ, জ্বলা-পোৰা, ফুলা আৰু কেতিয়াবা তেজ ওলোৱাৰ দৰে সমস্যাই দেখা দিয়ে। আমাৰ শৰীৰৰ সম্পূৰ্ণ ওজন ভৰিৰ গোৰোহাই বহন কৰিব লগা হয় বাবে এই অংশত সদায় বেছি চাপ পৰে। তাৰ ওপৰত যদি আমি বেছি সময় খালি ভৰিৰে কঠিন মজিয়াত খোজ কাঢ়ো, টান আৰু কঠিন চোলযুক্ত জোতা-চেণ্ডেল পিন্ধো, বা ভৰিৰ সঠিক যত্ন নলওঁ তেন্তে গোৰোহাৰ ছাল শুকাই ডাঠ হৈ ফাট মেলিবলৈ আৰম্ভ কৰে।

ইয়াৰ আন কিছুমান প্ৰধান কাৰণ হ’ল শৰীৰত পানীৰ অভাৱ, শীতকালত বেছি ঠাণ্ডা বতাহৰ সংস্পৰ্শ, ধূলি-বালিৰ মাজত কাম কৰা, ভিটামিন আৰু জিংকৰ অভাৱ, আৰু ডায়েবেটিচ বা থাইৰয়ডৰ দৰে ৰোগ। বহুতে এই সমস্যাটোক গুৰুত্ব নিদিয়ে, কিন্তু সময়ত যত্ন নল’লে ফাটৰ মাজেৰে বেক্টেৰিয়া সোমাই সংক্ৰমণ হ’ব পাৰে।

ঘৰতে কেনেকৈ যত্ন ল’ব:

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দামী ক্ৰীমৰ প্ৰয়োজন নাই, ঘৰতে থকা বস্তুৰেই সুন্দৰকৈ যত্ন ল’ব পাৰি। প্ৰতিদিনে ৰাতি শোৱাৰ আগতে এটা ডাঙৰ গামলাত কুহুমীয়া গৰম পানী লৈ তাত দুচামুচ নিমখ, অলপ নেমুৰ ৰস আৰু চেম্পু দি ১৫ ৰ পৰা ২০ মিনিটলৈ ভৰি দুখন তিয়াই ৰাখক। গৰম পানীয়ে গোৰোহাৰ মৃত আৰু ডাঠ ছালখিনি কোমল কৰি তোলে। তাৰ পিছত ফুট স্ক্ৰাবাৰ বা পৰিষ্কাৰ পিউমিচ ষ্টোনেৰে লাহে লাহে ঘঁহি সেই মৰা ছালখিনি আঁতৰাই দিয়ক। মনত ৰাখিব বেছি জোৰেৰে ঘঁহিব নালাগে, তেতিয়া তেজ ওলাব পাৰে।

ছাল পৰিষ্কাৰ কৰাৰ পিছত ভৰিখন টাৱেলেৰে ভালদৰে মচি লৈ নাৰিকল তেল, ভেচলিন, ঘী বা চৰ্বি যিকোনো এটাৰ লগত অলপ মৌ মিহলাই গোৰোহাত ডাঠকৈ লগাই পাঁচ মিনিটমান মালিচ কৰক। তাৰ পিছত পাতল কপাহী মোজা এযোৰ পিন্ধি শুই থাকক। এনে কৰিলে ৰাতিৰ ভিতৰতে তেলে ছালৰ গভীৰলৈ সোমাই পুষ্টি যোগায় আৰু ফটা লাহে লাহে কমি আহে। সপ্তাহত দুবাৰকৈ পকা কল মচি তাত মৌ মিহলাই গোৰোহাত ২০ মিনিট লগাই ৰাখিলেও ছাল কোমল হৈ থাকে।

যদি গোৰোহাত বিষ বা ফুলা আছে তেন্তে দিনটোত দুবাৰকৈ গৰম পানীৰ সেক আৰু ঠাণ্ডা পানীৰ সেক পৰ্যায়ক্ৰমে দিলে তেজ চলাচল ভাল হয় আৰু বিষ কমে। বৰফৰ টুকুৰা এখন পাতল কাপোৰত মেৰিয়াই পাঁচ মিনিটমান গোৰোহাত ধৰি ৰাখিলেও ফুলা আৰু বিষৰ পৰা তৎক্ষণাত আৰাম পোৱা যায়। লগতে বেছি সময় একেঠাইত থিয় হৈ থকা, খালি ভৰিৰে কঠিন মজিয়াত খোজ কঢ়া আৰু হাই হিল জোতা পিন্ধাৰ পৰা আঁতৰি থাকক আৰু সদায় নৰম, কুচনযুক্ত চেণ্ডেল ব্যৱহাৰ কৰক।

শেষত মনত ৰাখিব যে কেৱল বাহিৰৰ যত্নই যথেষ্ট নহয়। ভিতৰৰ পৰা সুস্থ থাকিবলৈ দিনটোত ৮ ৰ পৰা ১০ গিলাচ পানী খাওক, ভিটামিনযুক্ত ফল-মূল আৰু শাক-পাচলি খাওক আৰু ভৰি সদায় পৰিষ্কাৰ আৰু শুকানকৈ ৰাখক। এই ঘৰুৱা নিয়মবোৰ যদি একেৰাহে ১০-১৫ দিন মানি চলে তেন্তে নিশ্চয় ভাল ফল পাব। কিন্তু যদি গোৰোহাৰ পৰা তেজ ওলাই আছে, বেছি বিষৰ বাবে খোজ কাঢ়িব পৰা নাই, ফুলাটো তিনি-চাৰি দিনতকৈ বেছি আছে বা ডায়েবেটিচ আছে তেন্তে ঘৰুৱা উপায়তে সময় নষ্ট নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *