শৰীৰত বগা চৰম বা বগা দাগ হৈছে? কাৰণ, লক্ষণ আৰু ১০০% ঘৰুৱা প্ৰতিকাৰ
শৰীৰত বগা চৰম বা বগা দাগ হোৱা সমস্যাটো আজিকালি প্ৰায় সকলো বয়সৰ মানুহৰ মাজতে দেখা যায়। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈ সকলোৰে হাতত, ভৰিত, ডিঙিত, পিঠিত বা মুখত সৰু সৰু বগা দাগ হয়। এই দাগ বোৰত কেতিয়াবা বগা বগা গুড়ি ওলায় আৰু বৰকৈ খজুৱতি হয়। খজুৱতি বেছি হলে মানুহে হাতেৰে খজুৱাই থাকে আৰু তাৰ পৰা ঘা হৈ যায়। বহুতে এই বগা দাগক সাধাৰণ বুলি ভাবি অৱহেলা কৰে কিন্তু বেছি দিন থাকিলে ই গোটেই শৰীৰলৈ বিয়পি যায় আৰু দেখাতো বেয়া লাগে।
শৰীৰত বগা চৰম হোৱাৰ আঁৰত বহুত কাৰণ থাকে। তাৰ ভিতৰত আটাইতকৈ প্ৰধান কাৰণটো হৈছে ভেঁকুৰৰ ইনফেকচন যাক ডাক্তৰী ভাষাত Tinea Versicolor বোলে। আমাৰ শৰীৰত যেতিয়া বেছি ঘাম হয় আৰু আমি ঘাম থকা অৱস্থাতে বহু সময় থাকো তেতিয়া ছালত ভেঁকুৰ বাঢ়ি যায়। এই ভেঁকুৰৰ বাবেই শৰীৰত বগা দাগ হয়। যি সকলে দিনটো ৰ’দত কাম কৰে, খেলাধূলা কৰে বা টাইট কাপোৰ পিন্ধি থাকে তেওঁলোকৰ এই সমস্যা বেছি হয়। দ্বিতীয় কাৰণটো হৈছে পৰিষ্কাৰকৈ নথকা। আনৰ কাপোৰ, গামোচা, টাৱেল ব্যৱহাৰ কৰিলে বা লেতেৰা বিচনাত শুলে এই বীজাণু এজনৰ পৰা আনজনলৈ যায়। তৃতীয় কাৰণটো হৈছে ছাল শুকাই যোৱা। যি সকলৰ ছাল বেছি শুকান তেওঁলোকৰ ছালত বগা চৰম ওলায় আৰু গুড়ি সৰে। ইয়াৰ উপৰিও বেছি চাবোন ব্যৱহাৰ কৰা, বেছি জলা মছলা খোৱা, পেটত কৃমি থকা আৰু ৰক্তত পুষ্টিৰ অভাৱ হলেও শৰীৰত বগা দাগ হয়। সৰু লৰা ছোৱালীৰ মুখত যি বগা দাগ হয় সেয়া বেছিভাগ পেটত কৃমি থকাৰ বাবেই হয়।
শৰীৰৰ বগা চৰমৰ পৰা মুক্তি পাবলৈ বজাৰৰ দামী ক্ৰিমতকৈ ঘৰুৱা উপায় আৰু পৰিষ্কাৰকৈ থকাটো বেছি দৰকাৰ। প্ৰতিদিনে দুবাৰকৈ চাবোনেৰে গা ধুব লাগে আৰু ঘাম ওলালে লগে লগে কাপোৰ সলনি কৰিব লাগে। কেতিয়াও টাইট আৰু নাইলনৰ কাপোৰ বেছি সময় পিন্ধিব নালাগে, সদায় কপাহী কাপোৰ পিন্ধিব লাগে যাতে ছালে উশাহ লব পাৰে। ঘৰুৱা উপায়ৰ ভিতৰত আটাইতকৈ ভাল উপায়টো হৈছে নিম পাত। নিম পাতত এণ্টিফাংগাল গুণ থাকে যিয়ে ভেঁকুৰ মাৰি পেলায়। নিম পাত খিনি পানীত উতলাই সেই পানীৰে গা ধুলে খজুৱতি লগে লগে কমি যায়। নাৰিকল তেলত নিম পাত আৰু অলপ কৰপুৰ মিহলাই গৰম কৰি বগা দাগ থকা ঠাইত ৰাতি শোৱাৰ আগতে লগালে বহুত সোনকালে দাগ নাইকিয়া হয়। দ্বিতীয় উপায়টো হৈছে হালধি আৰু দৈ। হালধিত এণ্টিবেক্টেৰিয়াল গুণ থাকে। এচামুচ হালধিৰ লগত দুই চামুচ দৈ মিহলাই দাগ থকা ঠাইত লগাই বিশ মিনিট থৈ ধুই দিলে দাগ লাহে লাহে কমি যায় আৰু ছালৰ ৰং উভতি আহে। তৃতীয় উপায়টো হৈছে এলোভেৰা। এলোভেৰাৰ জেল দাগ থকা ঠাইত লগালে ছাল ঠাণ্ডা হৈ থাকে আৰু খজুৱতি কমে। খোৱাৰ ক্ষেত্ৰত বেছি জলা, টেঙা, বাহিৰৰ ফাষ্ট ফুড আৰু তেলত ভজা খাদ্য খাব নালাগে। পানী বেছিকৈ খাব লাগে, সেউজীয়া শাক পাচলি আৰু ফলমূল বেছিকৈ খাব লাগে যাতে তেজ পৰিষ্কাৰ হৈ থাকে।
যদিও ঘৰুৱা উপায়েৰে বেছিভাগ বগা চৰম ভাল হয় কিন্তু কিছুমান সময়ত ডাক্তৰৰ ওচৰলৈ যোৱাটো বহুত দৰকাৰ। যদি শৰীৰৰ বগা দাগ পোন্ধৰ দিনতকৈ বেছি থাকে, দাগ বোৰ দিনক দিনে ডাঙৰ হৈ গৈ আছে, দাগৰ পৰা পুঁজ বা পানী ওলাইছে, বৰকৈ বিষ হৈছে বা গোটেই শৰীৰলৈ বিয়পি গৈছে তেন্তে লগে লগে ছালৰ ডাক্তৰক দেখুৱাব লাগে। কাৰণ কেতিয়াবা শ্বেতী ৰোগ, একজিমা বা ডাঙৰ ভেঁকুৰৰ ইনফেকচনৰ বাবেও বগা দাগ হয় যিটো ঔষধ অবিহনে ভাল নহয়। ডাক্তৰক নুসুধাকৈ কোনো ক্ৰিম, মলম বা টেবলেট ব্যৱহাৰ কৰিব নালাগে কাৰণ ভুল ক্ৰিমে ছালত কলা দাগ কৰি দিব পাৰে। মনত ৰাখিব পৰিষ্কাৰকৈ থাকিলে আৰু অলপ যত্ন ললেই শৰীৰৰ বগা চৰমৰ পৰা সহজে হাত সাৰিব পাৰি।
