ৰামানুজৰ ‘ছুগাৰ ডেডী’ক লৈ বিস্ফোৰক মন্তব্যৰ পিছতেই ডাঙৰ পদক্ষেপ হাতীগাঁও আৰক্ষীৰ

পোহৰলৈ আহিল ‘ছুগাৰ ডেডী’ৰ পৰিচয়!

ৰিয়া তালুকদাৰ হত্যাকাণ্ডই লোৱা নতুন মোৰ। পত্নীক হত্যাৰ পিছত জে’লৰ পৰা ওলাই ‘ছুগাৰ ডেডী’কো হত্যা কৰাৰ ভাবুকি দিছিল ঘাতক ৰামানুজ গোস্বামীয়ে। তাৰ পিছতে ৰাজ্যজুৰি চৰ্চা – কোন এই ৰহস্যময় ‘ছুগাৰ ডেডী’?

ফেন্সী বজাৰত ব্যৱসায় আছে ‘ছুগাৰ ডেডী’ৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, তদন্তকাৰী দলে ইতিমধ্যে চিনাক্ত কৰিছে ‘ছুগাৰ ডেডী’ক। জানিব পৰা মতে গুৱাহাটীৰ ফেন্সী বজাৰত তেওঁৰ ব্যৱসায় আছে। তদন্তৰ স্বাৰ্থত ৰামানুজক জে’ললৈ প্ৰেৰণ কৰাৰ পিছত ‘ছুগাৰ ডেডী’ক তলব কৰি সোধা-পোছা কৰিব পাৰে হাতীগাঁও আৰক্ষীয়ে। অৱশ্যে হত্যাকাণ্ডৰ সৈতে তেওঁৰ প্ৰত্যক্ষ জড়িত থকাৰ কোনো নিশ্চিত তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই।

চৰিত্ৰ হনন কৰি দায় সৰাৰ চেষ্টা!

আৰক্ষীৰ মতে, তদন্তৰ মাজতে পত্নী ৰিয়াৰ চৰিত্ৰক লৈ নান মন্তব্য কৰি নিজৰ অপৰাধৰ পৰা দায় সৰাৰ চেষ্টা কৰিছে ৰামানুজে। পত্নীৰ গাত দোষ জাপি দিবলৈকে তেওঁ ‘ছুগাৰ ডেডী’ৰ নাম লৈছে বুলি সন্দেহ কৰিছে তদন্তকাৰীয়ে।

এতিয়াও সন্ধানহীন ৰিয়াৰ ৭টা আঙুলি

ইফালে এতিয়াও উদ্ধাৰ হোৱা নাই ৰিয়াৰ হাতৰ ৭টাকৈ কাটা আঙুলি। আৰক্ষীৰ জিম্মাত থকা ৰামানুজে এই সন্দৰ্ভত কোনো তথ্য দিয়া নাই। আঙুলিকেইটা ক’ত লুকুৱালে, তাক লৈ অব্যাহত আছে আৰক্ষীৰ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *