বান আৰু লোকপিয়লৰ বাবে ASSEBৰ ডাঙৰ সিদ্ধান্ত: দশমৰ ক্লাছ ২২ ফেব্ৰুৱাৰীলৈ, দ্বাদশৰ ৮ মাৰ্চলৈ বৃদ্ধি
গুৱাহাটী:অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড (ASSEB)ৰ পৰা আহিল ডাঙৰ খবৰ। ৰাজ্যৰ শেহতীয়া বিধ্বংসী বান পৰিস্থিতি আৰু চলি থকা লোকপিয়লৰ কাম-কাজৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ সময়সীমা বৃদ্ধি কৰা হৈছে।
মঙলবাৰে ASSEB-এ জাৰি কৰা জাননী অনুসৰি, দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২৮ ফেব্ৰুৱাৰী, ২০২৭লৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মাৰ্চ, ২০২৭লৈ অব্যাহত থাকিব। কেইখনমান জিলাত বানে সৃষ্টি কৰা ব্যাঘাতৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰিত সময়ত শেষ কৰাটো কঠিন হোৱাৰ আশংকাত এই সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ ফলত HSLC আৰু HS Final পৰীক্ষাৰ সময়সূচীও নতুনকৈ নিৰ্ধাৰণ কৰা হ’ব বুলি ব’ৰ্ডে জাননীখনত স্পষ্টকৈ উল্লেখ কৰিছে। অৰ্থাৎ এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পিছুৱাৰ সম্ভাৱনা।
এই তথ্য সামাজিক মাধ্যমযোগে সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। তেওঁ ASSEBৰ জাননীখন শ্বেয়াৰ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক নতুন সময়সূচী অনুসৰি প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছে।
