গাঁঠিৰ বিষক সাধাৰণ বুলি নাভাবিব! ইউৰিক এচিড বাঢ়িলে শৰীৰত কি কি ভয়ংকৰ ঘটে জানেনে?

ইউৰিক এচিড আচলতে কি? আমি প্ৰতিদিনে যি খাদ্য খাওঁ, তাৰ ভিতৰত পিউৰিন নামৰ এবিধ প্ৰাকৃতিক পদাৰ্থ থাকে। এই পিউৰিন শৰীৰত হজম হৈ ভাঙি যোৱাৰ পিছত ইউৰিক এচিডৰ সৃষ্টি হয়। সাধাৰণ অৱস্থাত এই এচিড তেজৰ লগত মিহলি হৈ কিডনিলৈ যায় আৰু কিডনিয়ে ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ লগত শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। সমস্যাটো তেতিয়াহে হয় যেতিয়া শৰীৰত প্ৰয়োজনতকৈ বেছি ইউৰিক এচিড তৈয়াৰ হয় বা কিডনিয়ে ঠিকমতে উলিয়াই দিব নোৱাৰে। তেতিয়া তেজত ইয়াৰ পৰিমাণ বাঢ়ি গৈ সূক্ষ্ম কাঁচৰ টুকুৰাৰ দৰে স্ফটিক হৈ গাঁঠি, কিডনি আৰু শৰীৰৰ আন ঠাইত জমা হয়। চিকিৎসা বিজ্ঞানত ইয়াকে Hyperuricemia বুলি কোৱা হয়।

ইয়াৰ স্বাভাৱিক মাত্ৰা কিমান হ’ব লাগে? এজন সুস্থ পুৰুষৰ শৰীৰত ৩.৪ ৰ পৰা ৭.০ mg/dL আৰু মহিলাৰ ক্ষেত্ৰত ২.৪ ৰ পৰা ৬.০ mg/dL লৈকে স্বাভাৱিক বুলি ধৰা হয়। যদি এই মাত্ৰা ৭.০ ৰ ওপৰলৈ যায় তেন্তে সাৱধান হোৱাৰ সময় আহিছে বুলি বুজিব লাগে।

লক্ষণসমূহ কেনেকৈ ধৰিব?

ইউৰিক এচিড বঢ়াৰ আটাইতকৈ প্ৰথম আৰু প্ৰধান লক্ষণ হ’ল গাঁঠিৰ অসহ্য বিষ। ইয়াক গাউটৰ বিষ বুলি কোৱা হয়। বেছিভাগ ক্ষেত্ৰত ভৰিৰ বুঢ়া আঙুলিত এই বিষ প্ৰথমে আৰম্ভ হয়। মাজৰাতি হঠাৎ আঙুলিটো ফুলি যায়, ৰঙা পৰে, জুই লগাৰ দৰে গৰম হয় আৰু ইমান বিষ হয় যে গাত লাহেকৈ কাপোৰ লাগিলেও সহ্য কৰিব নোৱাৰি। এই বিষ ২-৩ দিনৰ পৰা এটা সপ্তাহলৈকে থাকিব পাৰে। লাহে লাহে এই বিষ আঁঠু, গোৰোহা, হাতৰ আঙুলি, কিলাকুটিলৈ বিয়পি পৰে। যদি বছৰ বছৰ ধৰি ইউৰিক এচিড বেছি হৈ থাকে তেন্তে কাণৰ লতি, হাতৰ আঙুলিৰ গাঁঠিত বগা চূণৰ দৰে টান শিলৰ গুটি ওলায়, যাক Tophi বোলে। ইয়াৰ উপৰিও প্ৰস্ৰাৱ কমি যোৱা, প্ৰস্ৰাৱ কৰোতে জ্বলন হোৱা, তলপেটত বিষ হোৱা, সদায় ভাগৰ লগা আৰু গাৰ বিষ অনুভৱ কৰা আদি লক্ষণো দেখা যায়।

ইয়াক অৱহেলা কৰিলে কি কি ভয়াবহ ৰোগ হ’ব পাৰে?

বহুতে ইয়াক সাধাৰণ বিষ বুলি ভাবি গুৰুত্ব নিদিয়ে, কিন্তু ইয়াৰ পৰিণাম বৰ ভয়াবহ। প্ৰথমতে গাঁঠিবোৰ স্থায়ীভাৱে বেঁকা হৈ যায় আৰু মানুহজন লাহে লাহে বিকলাঙ্গ হৈ পৰে। দ্বিতীয়তে কিডনিত ইউৰিক এচিড জমা হৈ পাথৰৰ সৃষ্টি কৰে, যিটো অতি যন্ত্ৰণাদায়ক আৰু বাৰে বাৰে হয়। তৃতীয়তে কিডনিয়ে লাহে লাহে কাম কৰিবলৈ এৰি দিয়ে আৰু Chronic Kidney Disease হয়। শেহতীয়া গৱেষণাৰ মতে তেজত ইউৰিক এচিড বেছি থাকিলে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা প্ৰায় দুগুণ বাঢ়ি যায়।

কিয় বাঢ়ে আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

ইয়াৰ প্ৰধান কাৰণ হ’ল আমাৰ খাদ্যাভ্যাস। ৰঙা মাংস যেনে গৰু, ছাগলীৰ মাংস, কলিজা, মগজু, ইলিছ মাছ, সৰু মাছ, চিংৰা, শুটকি, কণীৰ কুহুম, মচুৰ দাইল, বুট, পালেং শাক আদিত পিউৰিন বেছি থাকে। ইয়াৰ উপৰিও বিয়েৰ, মদ, চেনি বেছি থকা ক’ল্ড ড্ৰিংকছ, পানী কমকৈ খোৱা, মেদবহুলতা আদিও ইয়াৰ কাৰণ।

নিয়ন্ত্ৰণৰ আটাইতকৈ সহজ আৰু ফলপ্ৰসূ উপায় হ’ল দিনে ৩.৫ ৰ পৰা ৪ লিটাৰ পানী খোৱা। পানীয়ে শৰীৰৰ পৰা ইউৰিক এচিড ধুই বাহিৰ কৰি দিয়ে। ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই খালে বহুত উপকাৰ পোৱা যায়। খাদ্যৰ ক্ষেত্ৰত লাউ, তিয়হ, বেঙেনা, আপেল, কল, নাচপতি, আমলখি আৰু বিশেষকৈ চেৰী ফল বেছিকৈ খাব লাগে। চেৰী ফলে ইউৰিক এচিড ৩৫% পৰ্যন্ত কমাব পাৰে বুলি প্ৰমাণিত হৈছে। Low-fat গাখীৰ আৰু দৈ খাব পাৰে। ৰঙা মাংস, কলিজা, শুটকি, মদ-বিয়েৰ অন্তত এমাহ সম্পূৰ্ণৰূপে এৰি দিব লাগে। লগতে দিনে ৩০-৪০ মিনিট খোজ কঢ়া, ওজন নিয়ন্ত্ৰণত ৰখা আৰু ৰাতি ৭-৮ ঘণ্টা শোৱাটো খুবেই জৰুৰী।

যদি আপোনাৰ ইউৰিক এচিড ৮ ৰ ওপৰত আছে, মাহত দুবাৰতকৈ বেছি বিষ উঠে বা গাঁঠিত গুটি ওলাইছে তেন্তে নিজে ঔষধ খাই নাথাকি সোনকালে ডাক্তৰৰ ওচৰলৈ যাওক। ডাক্তৰে প্ৰয়োজন অনুসৰি Allopurinol বা Febuxostat ঔষধ দিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *