বেংক ধৰ্মঘটক লৈ বিত্ত মন্ত্ৰালয়ৰ ডাঙৰ বিবৃতি
দেশজুৰি বেংক কৰ্মচাৰীয়ে ঘোষণা কৰা ধৰ্মঘট সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে স্পষ্টকৈ জনাইছে যে বেংক ইউনিয়নসমূহে কৰ্মবিৰতিৰ পথ পৰিহাৰ কৰি যিকোনো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা উচিত।
উল্লেখ্য যে পাঁচদিনীয়া কৰ্ম-সপ্তাহৰ দাবীকে ধৰি বিভিন্ন দাবীত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে ২৮ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান দিছে। কিন্তু চৰকাৰে জনাইছে যে কৰ্মচাৰীৰ অধিকাংশ দাবীৰ ক্ষেত্ৰত ইতিমধ্যে ইতিবাচক ব্যৱস্থা লোৱা হৈছে, সেয়ে এই ধৰ্মঘটৰ কোনো যুক্তি নাই।
এই ধৰ্মঘট কাৰ্যকৰী হ’লে দেশৰ বেংকিং সেৱা বৃহৎ পৰিমাণে ব্যাহত হোৱাৰ আশংকা আছে। ২৮ তাৰিখৰ আগত দেওবাৰ আৰু শনিবাৰ পৰাৰ বাবে একেলগে ৫ দিনলৈকে বেংকৰ শাখা বন্ধ হৈ থাকিব পাৰে। ইয়াতকৈও ডাঙৰ কথা হ’ল, এই ধৰ্মঘটৰ সময় ৩০ ছেপ্টেম্বৰৰ অৰ্ধ-বাৰ্ষিক হিচাপ বন্ধৰ সৈতে মিলি গৈছে, যিটো সময় একাউণ্ট, প্ৰভিজনিং আৰু ট্ৰেজাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ফলত সাধাৰণ গ্ৰাহকৰ পৰা ব্যৱসায়ী আৰু চৰকাৰী লেনদেনলৈ সকলোতে বিসংগতিৰ সৃষ্টি হ’ব।
বিবৃতিত মন্ত্ৰালয়ে কয় যে ৰাজহুৱা খণ্ডৰ বেংক হৈছে দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড। কৰ্মচাৰীৰ অৱদানক সন্মান জনাই চৰকাৰে দৰমহা-ভাট্টা বৃদ্ধি, নতুন বেতন গাঁথনি আৰু কল্যাণ পুঁজি বৃদ্ধিৰ দৰে পদক্ষেপ লৈছে। লগতে উচ্চ পদৰ সংখ্যাও বৃদ্ধি কৰা হৈছে আৰু কৰ্মচাৰীৰ আপত্তিৰ পিছত PLI আঁচনিও স্থগিত ৰখা হৈছে।
ইতিহাসত প্ৰথমবাৰৰ বাবে ২০২৭ৰ নৱেম্বৰৰ বহু আগতেই দৰমহা পুনৰীক্ষণৰ আলোচনা আৰম্ভ হৈছে। ধৰ্মঘটে কেৱল ৰাইজক অসুবিধাত পেলোৱাই নহয়, বেংক আৰু কৰ্মচাৰীৰো ক্ষতি কৰিব বুলি চৰকাৰে উল্লেখ কৰে। পাঁচদিনীয়া বেংকৰ দাবী সন্দৰ্ভত চৰকাৰে কয় যে সাধাৰণ শনিবাৰবোৰতো গ্ৰাহকৰ বাবে বেংক খোলা থকাটো জৰুৰী, সেয়ে সকলোকে আন্দোলন বাদ দি আলোচনালৈ আহিবলৈ আহ্বান জনোৱা হৈছে।
