আজি ২৩ ছেপ্টেম্বৰ,আজিৰ দিনটো বছৰটোৰ ভিতৰতে এটা অতি বিশেষ জ্যোতিৰ্বিজ্ঞানৰ দিন – সমৰাত্ৰি বা Equinox। আজি পৃথিৱীৰ সকলো ঠাইতে দিন আৰু ৰাতি প্ৰায় সমান হ’ব।
ভাৰতীয় সময় অনুসৰি আজি পুৱা ৫ বাজি ৩৫ মিনিটত এই মহাজাগতিক পৰিঘটনা ঘটিছে।
সমৰাত্ৰি বুলিলে কি বুজায়?
Equinox শব্দটো লেটিন শব্দ Aequus (সমান) আৰু Nox (ৰাতি) ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “সমান ৰাতি”।
বছৰত দুবাৰ এনে ঘটনা ঘটে – ২১ মাৰ্চত আৰু ২৩ ছেপ্টেম্বৰত। আজিৰ দিনটোত সূৰ্য বিষুৱ ৰেখাৰ ঠিক ওপৰেৰে পাৰ হয় আৰু পোনপটীয়াকৈ ৰশ্মি প্ৰদান কৰে। সেই বাবে আজি পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত প্ৰায় সমান পোহৰ পৰে।
আজিৰ পৰা কি সলনি হ’ব?
এইটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।
১. আজিৰ দিনটোৰ পাছৰে পৰা সূৰ্যই নিজৰ কক্ষপথত দক্ষিণ গোলাৰ্ধৰ ফালে আগবাঢ়িব।
২. ইয়াৰ ফলত উত্তৰ গোলাৰ্ধত লাহে লাহে দিন সৰু আৰু ৰাতি ডাঙৰ হ’বলৈ আৰম্ভ কৰিব।
৩. গৰমৰ প্ৰকোপ কমি শৰৎ আৰু শীত ঋতুৰ আগমন ঘটিব।
অৰ্থাৎ, আজিৰ পৰা গ্ৰীষ্মকালৰ আনুষ্ঠানিকভাৱে সামৰণি পৰি শৰৎ কালৰ আৰম্ভণি হৈছে। জ্যোতিৰ্বিজ্ঞানৰ মতে আজিৰ পৰাই উত্তৰ গোলাৰ্ধত শৰৎ কাল আৰম্ভ।
আপুনি মন কৰিলে দেখিব যে আজিৰ পৰা পুৱা-গধূলি অলপ সোনকালে আন্ধাৰ হ’ব আৰু বতাহত অলপ ঠাণ্ডাৰ আমেজ আহিব।
এইটোৱে প্ৰকৃতিৰ এক সুন্দৰ ভাৰসাম্যৰ প্ৰতীক।
