নিমিষাৰ ৰহস্যজনক মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

যুৱতীগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ঘটনাৰ তদন্তত এটাও দিশ বাদ দিয়া নহ’ব। আৰক্ষীক সকলো দিশ চালি-জাৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, “ছোৱালীজনী মোৰ সমষ্টিৰে হয়, তাইৰ মৃত্যুত মইও মৰ্মাহত। তাইৰ ফেচবুকৰ পোষ্ট, ফোন কল, ঘৰলৈ যোৱা, মাক-দেউতাকৰ বক্তব্য – সকলো চালি-জাৰি চাই তদন্ত আগবাঢ়িব। মই নিজেও খবৰ লৈ থাকিম।”

তেওঁ লগতে কয়, “আজিৰ সময়ত সকলোৱে নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব লাগে সেয়া ভাবিব লাগিব। ছোৱালীগৰাকী সাবালিকা আছিল। আমাৰ যি সংস্কাৰ, পৰিয়ালৰ যি ৰীতি-নীতি আছে, তাৰ মাজত থাকিলে সমাজখন সুৰক্ষিত হৈ থাকে। মা-দেউতা আৰু পৰিয়ালৰ বন্ধন বজাই ৰাখিব লাগে, তেতিয়াহে এনে ঘটনা ৰোধ হ’ব।”

শেষত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, “এই ঘটনাৰ উচিত তদন্ত হ’ব আৰু দোষীয়ে উচিত শাস্তি পাবই।”

Leave a Reply

Your email address will not be published. Required fields are marked *