ভাষা প্ৰেমী বিজয় থালাপতি! তামিলনাডুত নচলিব হিন্দী ভাষাৰ ৰাজত্ব, হিন্দী লিখি চাকৰি গ’ল দুই চৰকাৰী বিষয়াৰ

Screenshot

হিন্দী লিখি চাকৰি গ’ল! তামিলনাডুত হিন্দীৰ বিৰুদ্ধে বিজয়ৰ মহাৰণ

তামিলনাডুত নচলিব হিন্দী ভাষাৰ ৰাজত্ব! কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান বিজয় থালাপতিৰ TVK ৰ

তামিলনাডুত পুনৰ ভাষা যুদ্ধ তীব্ৰতৰ হৈ উঠিছে। তামিলনাডুত হিন্দী ভাষাৰ কোনো ঠাই নাই, ইয়াত চলিব কেৱল তামিল আৰু ইংৰাজী ভাষাহে। এনেদৰে কেন্দ্ৰীয় চৰকাৰক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে তামিল ছুপাৰষ্টাৰ তথা তামিলগা ভেট্ৰি কাজগম (TVK) ৰ মুৰব্বী বিজয় থালাপতিয়ে।

কি হৈছে তামিলনাডুত?
কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতিৰ অধীনত সমগ্ৰ দেশতে ত্ৰিভাষিক নীতি বলবৎ কৰিবলৈ চেষ্টা চলাইছে। এই নীতি অনুসৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে তিনিটা ভাষা শিকিব লাগিব, যাৰ ভিতৰত হিন্দী বাধ্যতামূলক। কিন্তু তামিলনাডুৱে আৰম্ভণিৰে পৰা এই নীতিৰ বিৰোধিতা কৰি আহিছে।

TVK ৰ স্পষ্ট স্থিতি হৈছে – তামিলনাডুত দ্বিভাষিক নীতিহে চলিব। তামিল আৰু ইংৰাজী। হিন্দী ভাষাক কোনো কাৰণতে তামিলনাডুৰ ওপৰত জাপি দিবলৈ দিয়া নহ’ব।

ফলকত হিন্দী লিখি বিপদত দুই বিষয়া:
এই বিতৰ্কৰ মাজতে ৰাজ্য চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ এটা নদীৰ দলঙৰ ফলকত তামিল আৰু ইংৰাজীৰ লগতে হিন্দী ভাষাও ব্যৱহাৰ কৰা হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লয়।

তৎক্ষণাৎ ৰাষ্ট্ৰীয় ঘাইপথ উপ মণ্ডলৰ সহকাৰী মণ্ডল অভিযন্তা আৰু এগৰাকী সহকাৰী অভিযন্তাক নিলম্বন কৰা হয়। চৰকাৰৰ নিৰ্দেশ অবিহনে কিয় হিন্দী ভাষা ব্যৱহাৰ কৰা হ’ল বুলি প্ৰশ্ন তুলি দুয়োৰে বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে।

বিজয় থালাপতিৰ ৰাজনীতিত ভাষা এক অস্ত্ৰ:
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজয় থালাপতিয়ে ভাষাৰ বিষয়টোক এক শক্তিশালী ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। তামিল অস্মিতা আৰু তামিল ভাষাৰ সুৰক্ষাৰ নামত তেওঁ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ চেষ্টা চলাইছে।

বিশ্লেষকসকলৰ মতে, তামিলনাডুত হিন্দী বিৰোধী আৱেগ সদায়েই তুংগত থাকে। ১৯৬০ ৰ দশকৰ পৰাই তামিলনাডুৱে হিন্দী আৰোপৰ বিৰোধিতা কৰি আহিছে। বিজয়ে সেই আৱেগকেই পুনৰ এবাৰ জগাই তুলিবলৈ চেষ্টা কৰিছে।

এতিয়া চাবলগীয়া হ’ব, কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু এই ভাষা বিতৰ্কই আগন্তুক নিৰ্বাচনত কিমান প্ৰভাৱ পেলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *