উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই: নৱেম্বৰৰ প্ৰথম সপ্তাহলৈ পিছুৱালে জামিনৰ শুনানি
বহু চৰ্চিত গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই আজিও উচ্চতম ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সকাহ লাভ কৰিবলৈ সক্ষম নহ’ল। আজি ৫ অক্টোবৰত তেওঁৰ জামিন আবেদনৰ শুনানি আছিল যদিও উচ্চতম ন্যায়ালয়ে শুনানি পিছুৱাই নৱেম্বৰৰ প্ৰথম সপ্তাহলৈ ধাৰ্য কৰে। যাৰ ফলত আৰু দীঘলীয়া হ’ল শ্যামকানু মহন্তৰ কাৰাবাসৰ ম্যাদ।
গুৱাহাটী উচ্চ ন্যায়ালয়তো নাকচ হৈছিল জামিন:
উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ত জামিন নাপাই তেওঁ অৱশেষত সকাহ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
১৭ আগষ্টৰ শুনানিত কি হৈছিল?
যোৱা ১৭ আগষ্টত এই গোচৰৰ শুনানিৰ সময়ত চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত অধিক সময় বিচাৰি আবেদন জনাইছিল। চৰকাৰী অধিবক্তাৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে ৫ অক্টোবৰলৈ শুনানি পিছুৱাই দিছিল। ইয়াৰ লগতে আদালতে গোচৰৰ সৈতে জড়িত নিম্ন আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ সকলো তথ্য, নথি-পত্ৰ আৰু কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
আজি সেই সকলো নথি পৰীক্ষা কৰাৰ পিছতো আদালতে তেওঁক জামিন প্ৰদান নকৰি পৰৱৰ্তী শুনানি নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে।
এই সিদ্ধান্তৰ পিছত এতিয়া পুনৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে শ্যামকানু মহন্তৰ জামিন লাভৰ আশা।
