পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল। যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা অবিৰতভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে।
নেপালৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ সংঘটিত হোৱা এই দুৰ্যোগত ৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু ৮ জন লোক আহত হৈছে।
NDRRMA ৰ তথ্য অনুসৰি এই কেইদিনত মুঠ ৫১৩ টা দুৰ্যোগৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ৩০৪ টা ভূমিস্খলনৰ ঘটনাত ২০ জনৰ মৃত্যু হৈছে, ৮৭ টা বানৰ ঘটনাত ৪ জনৰ মৃত্যু হৈছে। দুৰ্যোগত ১০৮২ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, ২২৭ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ১৪২ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ৩১ খনকৈ দলং আৰু ঘাইপথৰ ১৪৭ টা স্থানত বানে ক্ষতি কৰিছে। 4380
বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ বাবেই এই ধাৰাসাৰ বৰষুণ হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। দেওবাৰে মানাং জিলাত সংঘটিত হোৱা এক বিশাল ভূমিস্খলনৰ ফলত মাৰ্চিয়াংডি নদীৰ একাংশ কিছু সময়ৰ বাবে বন্ধ হৈ পৰিছিল।
উল্লেখ্য যে যোৱা ২৬ আগষ্টত তিব্বত সীমান্তত হোৱা ভয়ংকৰ বানত নেপালত ১৪০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পিছতে পুনৰ এই দুৰ্যোগে নেপালত হাহাকাৰৰ সৃষ্টি কৰিছে। বৰ্তমানে সেনা আৰু উদ্ধাৰকাৰী দলে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
