টাটা মন্তব্যক লৈ ৰাহুল গান্ধীক নিৰ্মলা সীতাৰমণৰ কটাক্ষ, কংগ্ৰেছ নেতাই অবিশ্বাস আৰু বিষবাষ্প বিয়পাইছে বুলি অভিযোগ

Screenshot

টাটা গোটক লৈ সৃষ্টি হোৱা বিতৰ্কই এতিয়া ৰাজনৈতিক ৰূপ লৈছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে টাটা গোটক “অপৰাধমূলকভাৱে ধ্বংস কৰা হৈছে” বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। লগতে তেওঁ কয় যে দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ “পুতলা” সজাই থোৱা হৈছে, যাৰ বাবে কোনেও মাত মাতিবলৈ সাহস কৰা নাই।

এই মন্তব্যৰ পাছতে কঠোৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

এক্স (X) ত দিয়া এটা পোষ্টত তেওঁ লিখিছে, “বিৰোধী দলৰ নেতা হিচাপে আপোনাক পৰামৰ্শ দিছো, প্ৰতিটো বিষয়কে ৰাজনীতিকৰণ নকৰিব। বাণিজ্যিক আৰু আইনী বিষয় এটাক এনেদৰে ‘অপৰাধ’ বুলি কোৱাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আপুনি ব্যৱসায়ী নেতাসকলৰ মাজত উচতনি দি অবিশ্বাস আৰু বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে।”

লগতে সীতাৰমণে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰি কয়, “দশক দশক ধৰি আপোনালোকৰ দলৰ লাইচেঞ্চ-কোটা ৰাজে ভাৰতীয় উদ্যোগীসকলৰ মনোবল ভাঙি কোটি কোটি মানুহক দৰিদ্ৰতালৈ ঠেলি দিছিল। আনহাতে মোদী চৰকাৰে ভাৰতীয় উদ্যোগক চাকৰি সৃষ্টি আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ মূল শক্তি হিচাপে সন্মান কৰে।”

Leave a Reply

Your email address will not be published. Required fields are marked *