সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে নেকি মোদী চৰকাৰে ? কিয় মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দেশৰ অগ্ৰণী সংবাদ প্ৰতিস্থান ?
ভাৰত চৰকাৰৰ গোপনীয়তা আইন Digital Personal Data Protection Act, 2023ৰ অধীনত সাংবাদিকসকলে তেওঁলোকে লিখা লোকসকলৰ পৰা সন্মতি লোৱাটো প্ৰয়োজনীয় হ’ব। এই ব্যাৱস্থা পূৰ্ব-চেঞ্চৰশ্বিপৰ সমতুল্য আৰু ইয়াৰ ফলত নিউজৰুমসমূহ বন্ধ হৈ পাৰিব। এই আশংকাৰে সংবাদ মাধ্যমৰ গোটসমূহে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।
২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস পোৱাৰ অভিযোগৰ মাজতে ৰুজু হৈছে এই গোচৰ ।
দেশৰ প্ৰায় ২১ টা সংবাদ প্ৰতিস্থানে এই আইনখনক প্ৰত্যাহ্বান জনাইছে সৰ্বোচ্চ ন্যায়ালয়ত ।
ডিজিটেল নিউজ পাব্লিছাৰ্ছ এছ’চিয়েশ্যন (DNPA)-ৰ অধিবক্তা মাধৱী গোৰাডিয়া দিৱানে আদালতক কয় যে “ই বাতৰিৰ সমগ্ৰ ধাৰণাটোকে সলনি কৰি দিছে।”
“নিউজৰুমসমূহ বন্ধ হৈ যাব, যদিহে আমি অনুমতি ল’বলগীয়া হয়… তেন্তে এয়া পূৰ্ব-চেঞ্চৰশ্বিপৰ এক সম্পূৰ্ণ ব্যৱস্থা হিচাপে পৰিগনিত হ’ব।
এতিয়ালৈকে কেৱল বাক-স্বাধীনতা কৰ্মী আৰু কেইটামান সৰু সংবাদ মাধ্যমেহে ইয়াক প্ৰত্যাহ্বান জনাইছিল।
সংবাদ প্ৰকাশকসকলে এই মাহৰ আৰম্ভণিতে দাখিল কৰা এক আবেদনত কয় যে, আগষ্ট মাহত চৰকাৰৰ সৈতে হোৱা এখন বৈঠকত সংবাদ মাধ্যমৰ কোম্পানীসমূহে আশ্বাস পাইছিল যে এই আইনে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰিব।
প্ৰকাশকসকলে দাবী জনাইছে যে ২০২৭ চনৰ মে’ মাহৰ পৰা কাৰ্যকৰী হ’বলগীয়া আইনখনৰ বেছিভাগ বিতৰ্কিত ব্যৱস্থা খাৰিজ কৰিব লাগে। তেওঁলোকে কয় যে এই আইনে প্ৰকাশকসকলক প্ৰকাশিত বাতৰি মচি পেলাবলৈ বাধ্য কৰিব পাৰে আৰু চৰকাৰক প্ৰকাশকসকলৰ পৰা তথ্য দাবী কৰাৰ ক্ষমতা প্ৰদান কৰিব পাৰে, যাৰ ফলত সাংবাদিকসকলৰ গোপন উৎস পোহৰলৈ আহিব পাৰে।
