জুবিন কাণ্ডত বিস্ফোৰক পাৰ্থ গোস্বামী: জেলৰ পৰা ওলায়েই মাফিয়াৰ দৰে গাড়ী সলালে অমৃত প্ৰভাই!
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলি থকাৰ মাজতে বৃহস্পতিবাৰে সাক্ষ্যদানৰ অন্তত সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰে জুবিনৰ ঘনিষ্ঠ সহযোগী পাৰ্থ গোস্বামীয়ে।
তেওঁৰ বিস্ফোৰক অভিযোগ সমূহ:
জুবিনৰ নাম ব্যৱহাৰ কৰি তেওঁৰ দেহৰক্ষীয়ে লাখ লাখ টকাৰ দামী সুৰা খাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পাৰ্থই।
কাৰাগাৰৰ ভিতৰত থাকিও অভিযুক্ত শ্যামকানু মহন্তই কেনেকৈ তথ্য-প্ৰমাণৰ সৈতে হেতালি খেলিছে তাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, “এই মানুহবোৰ কিমান ডাঙৰ অপৰাধী বুজি লওক। জেলৰ পৰা ওলাই আহিলে কি সন্ত্ৰাস চলাব ঠিক নাই, মই জুবিনৰ পৰিয়ালটোক লৈ চিন্তিত।”
অমৃত প্ৰভা মহন্তকলৈ ডাঙৰ প্ৰশ্ন তোলে পাৰ্থই। “দক্ষিণৰ চিনেমাৰ দৰে জেলৰ পৰা ওলায়েই মাফিয়াৰ দৰে গাড়ী সলনি কৰিলে। থাৰ খন আৰু আনখন গাড়ীৰ মালিক কোন? কোন প্ৰভাৱশালী ব্যক্তিয়ে গাড়ীৰ যোগান ধৰিছিল? এইবোৰৰ তদন্ত কিয় হোৱা নাই?”
“সাধাৰণ মানুহ এজন জেলৰ পৰা ওলাবলৈ ১১-১২ বাজে, কিন্তু জুবিনৰ হত্যাৰ অভিযুক্ত এগৰাকী পুৱা ৬ বজাতে কেনেকৈ মুকলি হৈ যায়? ইয়াৰ পৰাই বুজা যায় তেওঁৰ পিছত কাৰ হাত আছে।” লগতে ছ’চিয়েল মিডিয়াত নিজক ভাবুকি দিয়া হৈছে বুলিও অভিযোগ কৰে তেওঁ।
