পুনেৰ নামজ্বলা পিম্পৰী চিঞ্চৱাড় বিশ্ববিদ্যালয় (PCU)-এ এইবাৰ উত্তৰ-পূবক দিলে এক বিশেষ সন্মান। ৮ খন উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ পৰা ৮ গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা দিব PCU-এ। অৰ্থাৎ ১০০% টিউচন ফী ৰেহাই!
অসম, অৰুণাচল, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম – প্ৰতিখন ৰাজ্যৰ পৰা এজনকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে এই সোণালী সুযোগ লাভ কৰিব।
কি লাগিব যোগ্যতা?
শেষ পৰীক্ষাত কমেও ৮৫% নম্বৰ থাকিলেই আবেদন কৰিব পাৰিব।
PCET-ৰ সঞ্চালকৰ মন্তব্য:
PCET-ৰ কাৰ্যবাহী সঞ্চালক ড° গিৰীশ দেশায়ে কয়, “এজন ছাত্ৰক শিক্ষা দিয়া মানে এখন সমাজক, এখন অঞ্চলক আগুৱাই নিয়া। উত্তৰ-পূবৰ প্ৰতিভাক ৰাষ্ট্ৰীয় মঞ্চ দিয়াটোৱেই আমাৰ লক্ষ্য।”
PCU কিয় বেলেগ?
ইয়াত কিতাপৰ শিক্ষাৰ লগতে উদ্যোগৰ বাবে প্ৰস্তুত কৰা হয়। PCU-ত আছে –
– AI, Robotics, EV Technology, Drone, Semiconductor ৰ বাবে ১৬ টা Advanced Lab
– C-DAC Pune, AMD আৰু BlackBerry QNX ৰ সহযোগত Centre of Excellence
– পুনেৰ MIDC উদ্যোগিক হাবত থকাৰ বাবে Direct Industry Exposure আৰু Placement ৰ সুবিধা
এই ৮ টা ১০০% জলপানিৰ উপৰিও PCU-ত আছে ৮০% লৈকে মেধা জলপানি, খেলুৱৈ, সাংস্কৃতিক প্ৰতিভা, EWS আৰু PhD শিক্ষাৰ্থীৰ বাবে পৃথক আঁচনি।
মনত ৰাখিব – এজন শিক্ষাৰ্থীয়ে এবাৰত এটাহে জলপানি পাব আৰু পৰৱৰ্তী বছৰত জলপানি বাহাল ৰাখিবলৈ ভাল ৰিজাল্ট কৰি থাকিব লাগিব।
