মোৰ স্বামী নিৰ্দোষী, CCTV চালেই সত্য ওলাব” – মুখ্যমন্ত্ৰীক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ কাতৰ আহ্বান
নিজৰ স্বামী নিৰ্দোষী বুলি দাবী কৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনালে ঘনকান্তৰ পত্নী জোনমণি গগৈয়ে।
সংবাদ মাধ্যমৰ আগত জোনমণি গগৈয়ে কয়, “মোৰ স্বামীয়ে কোনো অপৰাধ কৰা নাই। তেওঁ সম্পূৰ্ণ নিৰ্দোষী। মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যাতে ঘটনাটোৰ উচিত তদন্ত কৰা হয়। সম্পূৰ্ণ ঘটনাটো ভালদৰে চালেই তেওঁ প্ৰকৃত সত্যটো গম পাব।”
তেওঁ লগতে কয়, “মোৰ স্বামীয়ে কেতিয়াও জানি-বুজি গুলী নচলায়। আপোনালোকে হোটেলৰ CCTV ফুটেজ পৰীক্ষা কৰিলেই গোটেই ঘটনাৰ সত্যতা পোহৰলৈ আহিব।”
জনমণি গগৈৰ অভিযোগ অনুসৰি, তেওঁলোকেহে বাৰে বাৰে ফোন কৰি তেওঁৰ স্বামীক হোটেললৈ মাতি নিছিল। তেওঁ ফোনতে কথা পাতিম বুলি কোৱাৰ পিছতো তেওঁলোকে জোৰ কৰি হোটেললৈ মাতিছিল।
“ঘটনা সংঘটিত হোৱাৰ লগে লগে তেওঁ মোক ফোন কৰি জনাইছিল যে সকলোৱে তেওঁক হেঁচা মাৰি ধৰি আক্ৰমণ কৰিছিল। নিজৰ প্ৰাণ ৰক্ষাৰ বাবে আন কোনো উপায় নাপাইহে তেওঁ বাধ্য হৈ গুলী চলাবলগীয়া হৈছিল,” জোনমণি গগৈয়ে জানিবলৈ দিয়ে।
