আজি বিশ্ব হৃদপিণ্ড দিৱস: সুস্থ হৃদয়ৰ বাবে এই ৫ টা নিয়ম মানি চলক

প্রতি বছৰে ২৯ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে বিশ্ব হৃদপিণ্ড দিৱস পালন কৰা হয়। হৃদৰোগৰ বিষয়ে সজাগতা বৃদ্ধি আৰু হৃদযন্ত্ৰ সুস্থ ৰখাৰ গুৰুত্ব সম্পর্কে জনসাধাৰণক সচেতন কৰাই এই দিৱসৰ মূল উদ্দেশ্য।

বিশ্ব হাৰ্ট ফেডাৰেচনৰ উদ্যোগত ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালনৰ কথা চিন্তা কৰা হৈছিল আৰু ২০০০ চনৰ পৰা আনুষ্ঠানিকভাৱে পালন কৰি অহা হৈছে।

২০২৬ চনৰ থিম:
এইবাৰৰ বিশ্ব হৃদপিণ্ড দিৱসৰ মূল শ্লোগান হৈছে – “Don’t Miss a Beat” অৰ্থাৎ হৃদযন্ত্ৰৰ প্ৰতিটো স্পন্দনক গুৰুত্ব দিয়ক।

কিয় গুৰুত্বপূৰ্ণ এই দিৱস?
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, প্ৰতি বছৰে বিশ্বত প্ৰায় ১.৭ কোটি লোকে হৃদৰোগৰ বাবে মৃত্যুবৰণ কৰে। ভাৰততো হৃদৰোগত আক্রান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। অনিয়মিত জীৱনশৈলী, ধূমপান, মদ্যপান, অত্যাধিক মানসিক চাপ, ফাষ্টফুড খোৱাৰ অভ্যাস আদিয়েই ইয়াৰ প্রধান কাৰণ।

হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ কি কৰিব?

১. সুষম আহাৰ:তেল-চর্বি যুক্ত খাদ্য পৰিহাৰ কৰি সেউজীয়া শাক-পাচলি, ফল-মূল বেছিকৈ খাওক।
২. নিয়মীয়া ব্যায়াম:প্রতিদিনে অন্তত ৩০ মিনিট খোজ কঢ়া, দৌৰা বা যোগাভ্যাস কৰক।
৩. ধূমপান-মদ্যপান ত্যাগ:এই দুটা অভ্যাস হৃদৰোগৰ আটাইতকৈ ডাঙৰ শত্রু।
৪. মানসিক চাপ কমাওক:পর্যাপ্ত টোপনি আৰু মানসিক শান্তি বজাই ৰাখক।
৫. নিয়মীয়া স্বাস্থ্য পৰীক্ষা:৩০ বছৰৰ পিছত নিয়মিত ৰক্তচাপ, কলেষ্টেৰল আৰু ডায়েবেটিছ পৰীক্ষা কৰাওক।

আহক, এই বিশ্ব হৃদপিণ্ড দিৱসত আমি সকলোৱে নিজৰ লগতে আনৰ হৃদযন্ত্ৰ সুস্থ ৰখাৰ সংকল্প লওঁ। সুস্থ হৃদয়, সুস্থ জীৱন।

Leave a Reply

Your email address will not be published. Required fields are marked *