আমাৰ বেছিভাগ লোকৰে দিনটোৰ এটা কমন ৰুটিন হৈছে গধূলি চাহ-বিস্কুট খোৱা। অফিচৰ পৰা আহি হওক বা ঘৰত বহি থাকোতেই হওক, গৰম চাহৰ লগত দুখনমান বিস্কুট নহ’লে দিনটো যেন আধৰুৱা লাগে। কিন্তু আপুনি জানেনে, আপোনাৰ এই প্ৰিয় অভ্যাসটোৱে লাহে লাহে আপোনাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰি আছে?
১. হজম শক্তি দুৰ্বল আৰু এচিডিটি:
গধূলি খালী পেটত অতিমাত্ৰা চাহ খালে পেটত এচিডৰ মাত্ৰা বাঢ়ি যায়। বিশেষকৈ গাখীৰ আৰু চেনি দিয়া চাহে এচিডিটি, গেছ আৰু বুকু জ্বলা-পোৰাৰ সমস্যা বৃদ্ধি কৰে। লগতে বজাৰত পোৱা বেছিভাগ বিস্কুট ময়দাৰে তৈয়াৰী, যিয়ে হজম হ’বলৈ বহু সময় লয় আৰু কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে।
২. ওজন আৰু বেলি ফেট বৃদ্ধিৰ মূল কাৰণ:
এখন বিস্কুটত প্ৰায় ৩০-৫০ কেলৰি থাকে। আমি ভাবো এখন-দুখনত কি হ’ব, কিন্তু দিনটোত ৪-৫ খনকৈ খালে শৰীৰত প্ৰচুৰ পৰিমাণে কেলৰি জমা হয়। বিস্কুটত থকা ময়দা, হাইড্ৰজেনেটেড ফেট আৰু চেনিৰ বাবে গধূলি খোৱাৰ পিছত সেয়া বাৰ্ন নহয়। ফলত পেট আৰু কঁকালত চৰ্বি জমা হৈ ওজন দ্ৰুতগতিত বাঢ়ে।
৩. ডায়েবেটিছ আৰু হাৰ্টৰ ৰোগৰ আশংকা:
চাহত চেনি আৰু লগত মিঠা বিস্কুট খালে তেজত গ্লুক’জৰ মাত্ৰা হঠাতে বাঢ়ি যায়। নিয়মীয়াকৈ এনে কৰিলে ইনচুলিন ৰেজিষ্টেন্স হৈ টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ উপৰিও বিস্কুটত থকা ট্ৰেন্স ফেটে হাৰ্টৰ ৰোগ আৰু কলেষ্টেৰল বৃদ্ধি কৰে।
৪. টোপনি নহা আৰু মানসিক ভাগৰ:
সন্ধিয়া ৫ বজাৰ পিছত চাহ খালে তাত থকা কেফেইনে মগজুক সক্ৰিয় কৰি ৰাখে। যাৰ ফলত নিশা টোপনি আহিবলৈ দেৰি হয়, টোপনি পাতল হয়। পৰ্যাপ্ত টোপনি নহ’লে পিছদিনা গোটেই দিনটো ভাগৰ, মূৰৰ বিষ আৰু খিংখিঙীয়া ভাব আহে।
চাহ-বিস্কুটৰ বিকল্প কি খাব?
স্বাস্থ্য সজাগ লোকসকলে গধূলিৰ ভোকত এই বিকল্পবোৰ ল’ব পাৰে:
– ৰোষ্টেড মখনা বা ভজা বুট-বাদাম
– এটা আপেল, কল বা যিকোনো ফল
– গ্ৰীণ টিৰ লগত ২ টা খেজুৰ
– ঘৰত বনোৱা চিৰাৰ লাড়ু
মনত ৰাখিব, সন্ধিয়াৰ ভোকে যদি ভুল খাদ্য খায়, তেন্তে তাৰ প্ৰভাৱ গোটেই শৰীৰত পৰে। আজিৰ পৰাই সজাগ হওক।
