জাকিৰ নাইকৰ ‘ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্যন’ (IRF)-ক পুনৰ পাঁচ বছৰৰ বাবে ‘বেআইনী সংগঠন’ হিচাপে ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে ।
সংগঠনটোক প্ৰথমবাৰৰ বাবে ২০১৬ চনত নিষিদ্ধ কৰা হৈছিল।
কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাযোগে কয় যে যদি আই আৰ এফৰ বেআইনী কাৰ্যকলাপসমূহ তাৎক্ষণিকভাৱে ৰোধ আৰু নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে সংগঠনটোৱে “ইয়াৰ ধ্বংসাত্মক কাৰ্যকলাপ অব্যাহত ৰখাৰ সুযোগ ল’ব আৰু এতিয়াও পলাতক হৈ থকা ইয়াৰ কৰ্মীসকলক পুনৰ সংগঠিত কৰিব। জাকিৰ নাইকে ৰাষ্ট্ৰবিৰোধী মনোভাৱ প্ৰচাৰ কৰাৰ লগতে উগ্ৰপন্থাক সমৰ্থন জনাই বিচ্ছিন্নতাবাদ আৰু দেশৰ সাৰ্বভৌমত্ব তথা অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যকলাপত লিপ্ত হৈ আহিছে ।
বৰ্তমান বিদেশত থকা নাইকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত তদন্ত চলাই আছে।
নাইকৰ জন্ম মুম্বাইত হৈছিল যদিও ২০১৬ চনৰ ১ জুলাইত বাংলাদেশৰ ঢাকাৰ এখন কেফেত সংঘটিত বোমা বিস্ফোৰণৰ পাছত তেওঁ ভাৰতৰ পৰা পলায়ন কৰে। তেওঁৰ ‘পিচ টিভি’ (Peace TV) আৰু ছ’চিয়েল মিডিয়া নেটৱৰ্কৰ জৰিয়তে বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱাৰ অভিযোগ আছে, য’ত তেওঁৰ ২ কোটিতকৈও অধিক অনুসৰণকাৰী আছে।
