নতুন দিল্লী: সমগ্ৰ দেশৰ পেট্ৰ’ল পাম্পসমূহত বিক্ৰী কৰা পেট্ৰ’লত ইথানলৰ পৰিমাণ বাধ্যতামূলকভাৱে প্ৰকাশ কৰাৰ দাবী জনাই দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সোমবাৰে (৩১ আগষ্ট) অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।
দ্যা হিন্দুৰ প্ৰতিবেদন অনুসৰি, অধিবক্তা তথা আবেদনকাৰী নৰেন্দ্ৰ কুমাৰ গোস্বামীয়ে দাখিল কৰা এই আবেদনখনত ইথানল প্ৰয়োগৰ ক্ষেত্ৰত ‘মনে মনে দিয়া চাপ’ (silent compulsion) আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ প্ৰসন্ন বি বৰালেৰ বিচাৰপীঠে গোস্বামীৰ আবেদন দাখিল কৰাৰ অধিকাৰ বা ‘লকাছ ষ্টেণ্ডি’ (locus standi)ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰিও আদালতে প্ৰশ্ন কৰে যে, প্ৰসংগিক অধিকাৰ ক্ষেত্ৰ থকা হাইক’ৰ্টত আবেদন দাখিল কৰাৰ পৰিৱৰ্তে তেওঁ কিয় পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল।
আদালতে কয়, “আপুনি কোন? আপুনি ক’ত ওকালতি কৰে? হাইক’ৰ্টলৈ যাওক আৰু তাত আবেদন দাখিল কৰক।”
আবেদনকাৰীৰ যুক্তি আছিল যে উপভোক্তাসকলে ক্ৰয় কৰা ইন্ধনৰ মিশ্ৰণ (composition), ইয়াৰ গুণগত মান, নিৰ্ধাৰিত মানদণ্ড আৰু বাহনৰ সৈতে ইয়াৰ সামঞ্জস্যৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে জনাৰ অধিকাৰ আছে।
আবেদনখনত এইটোও উল্লেখ কৰা হৈছিল যে পেট্ৰ’লত ইথানলৰ পৰিমাণ তথ্য হিচাপে প্ৰকাশ কৰাটো কেৱল এক ‘দেখুৱাবলৈ কৰা উপভোক্তাৰ শ্লোগান’ (decorative consumer slogan) নহয়, বৰঞ্চ এনে এক পৰিস্থিতিত ই এক সাংবিধানিক প্ৰয়োজন হৈ পৰে, যেতিয়া ৰাজ্যই নিজেই সমগ্ৰ দেশতে এক বাধ্যতামূলক বজাৰ গঢ়ি তুলিছে।
কেন্দ্ৰীয় চৰকাৰৰ পক্ষত উপস্থিত থকা এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণীয়ে এই আবেদনৰ বিৰোধিতা কৰে আৰু ইয়াক এক ‘প্ৰক্সি লিটিগেচন’ (proxy litigation) অৰ্থাৎ অন্য কোনো উদ্দেশ্য বা আন পক্ষৰ স্বাৰ্থত কৰা গোচৰ বুলি অভিহিত কৰে। তেওঁ কয় যে চৰকাৰৰ ইথানল মিশ্ৰণ নীতি প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ে পূৰ্বেও খাৰিজ কৰিছে।
আবেদনকাৰী গোস্বামীয়ে আদালতত কয়, “আমি কি ক্ৰয় কৰি আছোঁ, সেয়া জনাৰ অধিকাৰ আমাৰ আছে… আনকি যেতিয়া আমি এটা বিস্কুটৰ পেকেটো ক্ৰয় কৰোঁ, ইয়াৰ ভিতৰত কি কি উপাদান আছে সেয়া আমি জানিব পাৰোঁ।”
তেওঁ আৰু কয়, “মই নীতিক প্ৰত্যাহ্বান জনোৱা নাই। মই কেৱল জানিব বিচাৰোঁ। মোৰ জনাৰ অধিকাৰ আছে… যোৱাবাৰ এটৰ্নী জেনেৰেলে কৈছিল যে ই এটা পৰীক্ষা। তাৰ পিছত তেওঁ এক স্পষ্টীকৰণো দিছিল।”
তথাপিও, উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
আদালতে তেওঁলোকৰ নিৰ্দেশত কয়, “খাৰিজ কৰা হ’ল… আবেদনকাৰীৰ বাবে সক্ষম কৰ্তৃপক্ষৰ ওচৰলৈ যোৱাৰ পথ খোলা থাকিব।”
