চুলি সুন্দৰ আৰু মজবুত হৈ থাকিবলৈ সদায় যত্ন ল’ব লাগে। প্ৰথমতে চুলি ধোৱাৰ সময়ত বেছি গৰম পানী ব্যৱহাৰ নকৰিব। কুহুমীয়া পানী আৰু ভাল চুলি ধোৱা চাবোন ব্যৱহাৰ কৰি সপ্তাহত দুইৰ পৰা তিনিবাৰ চুলি ধুব। বেছিকৈ ধুলে চুলিৰ প্ৰাকৃতিক তেল নষ্ট হৈ যায় আৰু চুলি শুকান হৈ পৰে। চুলি ধোৱা চাবোন লগাওঁতে মূৰৰ ছালত আঙুলিৰে লাহেকৈ মালিচ কৰিব, ইয়াৰ ফলত তেজৰ চলাচল ভাল হয়।

চুলিৰ যত্নৰ বাবে সপ্তাহত দুবাৰ নাৰিকল তেল বা বাদাম তেল অলপ গৰম কৰি মূৰত মালিচ কৰাটো বহুত উপকাৰী। লগতে পুষ্টিকৰ খাদ্য খাব লাগে। কণী, বাদাম, পালেং শাক, ফল আৰু আমিষ পদাৰ্থ থকা খাদ্য খালে চুলি ভিতৰৰ পৰা শক্তিশালী হয়। দিনটোত আঠৰ পৰা দহ গিলাচ পানী খাব লাগে কাৰণ পানীৰ অভাৱ হ’লেও চুলি সৰে।
হেয়াৰ ড্ৰাইয়াৰ আৰু ষ্ট্ৰেটনাৰ বেছি ব্যৱহাৰ নকৰিব। কৰিব লাগিলে তাপৰ পৰা ৰক্ষা কৰা স্প্ৰে লগাব। ভিজা চুলি কেতিয়াও আঁচৰিব নালাগে কাৰণ তেতিয়া চুলি বেছি
চিঙে। চুলি টানকৈ বান্ধিলে গুৰি দুৰ্বল হৈ যায়। ৰাসায়নিক ৰং বা কেমিকেলো কম ব্যৱহাৰ কৰিব।
বাহিৰলৈ ওলাওঁতে ধূলা-বালিৰ পৰা বচাবলৈ টুপী বা ওৰণী ব্যৱহাৰ কৰিবা। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল মানসিক চাপ কম কৰিব লাগে, কাৰণ টেনচনৰ বাবে বহুত চুলি সৰে।
মুঠতে ক’বলৈ গ’লে চুলি আমাৰ স্বাস্থ্যৰ দাপোণ। ভাল খাদ্য আৰু সঠিক যত্নই চুলিক ধুনীয়া আৰু মজবুত কৰি ৰাখে।

