আপোনাৰো ধূমপান কৰাৰ অভ্যাস আছে নেকি? আপুনি নজনাকৈয়ে ওচৰ চাপি আহিছে এই ৫টা ডাঙৰ বিপদ!

ধূমপান আজিৰ দিনত মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ হৈ পৰিছে। চিগাৰেট, বিড়ি, হুক্কা বা আন যিকোনো ধৰণৰ সামগ্ৰীত থকা নিকোটিনে মানুহক লাহে লাহে ইয়াৰ আসক্ত কৰি তোলে। এদিন দুদিন ধূমপান কৰিলে একো নহ’ব বুলি ভাবিলেও বছৰৰ পিছত বছৰ ধৰি এই অভ্যাসে শৰীৰৰ ভিতৰৰ প্ৰতিটো অংগকে নষ্ট কৰি দিয়ে।
সৰ্বপ্ৰথমে ধূমপানৰ প্ৰভাৱ পৰে আমাৰ লাংছত। ধোঁৱাৰ লগত যোৱা টাৰ আৰু বিষাক্ত গেছবোৰে লাংছৰ বায়ুথলী নষ্ট কৰি দিয়ে। ফলত সাধাৰণ কাহৰ পৰা আৰম্ভ হৈ ক্ৰমে এজমা, চি.ও.পি.ডি. আৰু শেষত লাংছৰ কৰ্কট ৰোগলৈকে হ’ব পাৰে। ইয়াৰ উপৰি ধূমপানে হৃদযন্ত্ৰো যথেষ্ট ক্ষতি কৰে। ৰক্তনলীত চৰ্বি জমা হয়, ৰক্তচাপ বাঢ়ে, আৰু হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ধূমপান কৰিলে মুখৰ ভিতৰতো বহুত সমস্যা হয়। দাঁত হালধীয়া হৈ পৰে, আঁঠুৰ ৰোগ হয়, মুখৰ দুৰ্গন্ধ ওলায় আৰু মুখৰ ভিতৰত কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে। ছালৰ উজ্জ্বলতা কমি যায়, চুলি সোনকালে পকি যায়, আৰু মানুহজনক বয়সতকৈ বেছি বুঢ়া যেন লাগে। পেটৰ আলচাৰ, কিডনীৰ ৰোগ, আৰু প্ৰজনন ক্ষমতা কমি যোৱাৰ দৰে সমস্যাও ধূমপানৰ লগত জড়িত।
ইয়াৰ আটাইতকৈ বেয়া দিশটো হ’ল ধূমপান কৰা মানুহজনৰ লগতে তেওঁৰ ওচৰত থকা লোকসকলো ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। ইয়াকেই পৰোক্ষ ধূমপান বোলে। ঘৰত শিশু, গৰ্ভৱতী মহিলা বা বৃদ্ধ লোক থাকিলে তেওঁলোকৰ উশাহৰ ৰোগ, সংক্ৰমণ আৰু অন্যান্য জটিলতা বহুত বেছি হয়।
ধূমপানে কেৱল শৰীৰৰেই নহয়, পইচা আৰু মনৰো ক্ষতি কৰে। প্ৰতিদিনে চিগাৰেটৰ পিছত খৰচ হোৱা টকা, লগতে হাস্পতালৰ বিল আৰু মানসিক অশান্তিয়ে জীৱনটোক দুৰ্বিষহ কৰি তোলে।
সেয়েহে ধূমপান এৰাটো অতি জৰুৰী। ইচ্ছাশক্তি, পৰিয়ালৰ সহায়, আৰু প্ৰয়োজন হ’লে ডাক্তৰ বা কাউন্সিলাৰৰ পৰামৰ্শ লৈ যিকোনো মানুহে এই অভ্যাস এৰিব পাৰে..
