আপুনিও বাৰু মূৰৰ বিষৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে এই উপায় আপোনাৰ বাবে

আপুনিও বাৰু মূৰৰ বিষৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে এই উপায় আপোনাৰ বাবে

গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা ঘামৰ লগত বহুত পানী ওলাই যায়। পানীৰ অভাৱ হ’লেই তেজ গাঢ় হৈ যায় আৰু মগজুলৈ ঠিকমতে অক্সিজেন-পুষ্টি নাযায়, তেতিয়াই মূৰৰ বিষ আৰম্ভ হয়। সেইকাৰণে প্ৰতিঘণ্টাই অলপ অলপকৈ পানী খাই থাকিব লাগে। কেৱল পানী নহয়, নেমু-নিমখ-চেনি পানী, ডাবৰ পানী, তৰমুজৰ দৰে পানী থকা ফল খালে শৰীৰ ভিতৰৰ পৰা ঠাণ্ডা থাকে।

আন এটা ডাঙৰ কাৰণ হ’ল খাদ্যৰ অনিয়ম। খালী পেটত বেছি সময় থাকিলে তেজত চেনি কমি যায় আৰু ভোকৰ বাবে মূৰৰ বিষ হয়। গতিকে ৰাতিপুৱা সোনকালে উঠি কিবা খাই ল’ব লাগে। দুপৰীয়া ভাত খাই অলপ জিৰণি ল’ব লাগে।

ৰ’দৰ প্ৰভাৱো বহুত। দুপৰীয়াৰ খৰ ৰ’দত ওলালে মগজু গৰম হৈ যায়। সেইসময়ত ওলাব লাগিলে ক’লা ছাতি, টুপী, চচমা ব্যৱহাৰ কৰিব। ঘৰলৈ আহি লগে লগে ঠাণ্ডা পানীৰে গা-হাত-ভৰি ধুব নালাগে, প্ৰথমে অলপ জিৰণি ল’ব লাগে।

আজিকালি আমি সকলোৱে মোবাইল-লেপটপত বেছি সময় থাকোঁ। পৰ্দাৰ পোহৰ আৰু জিলিকনিৰ বাবে চকুৰ পেশী থকাই যায়, তাৰ পৰা মূৰলৈ বিষ আহে। গতিকে ৪৫ মিনিট কাম কৰাৰ পিছত উঠি খিৰিকীৰে বাহিৰলৈ চাব, বা চকু বন্ধ কৰি ২ মিনিট বহি থাকিব। ৰাতি শোৱাৰ আগত মোবাইল কম চাব।

 

টেনচন হ’ল আটাইতকৈ ডাঙৰ শত্ৰু। কামৰ চাপ, পৰিয়ালৰ চিন্তা থাকিলেই ডিঙি টান হৈ যায় আৰু মূৰৰ বিষ হয়। সেইসময়ত ১০ মিনিট খোলা ঠাইত খোজ কাঢ়া, বা ৫ মিনিট গভীৰকৈ উশাহ লোৱা-এৰা কৰা। ৰাতি ১১ টাৰ আগত শুবলৈ চেষ্টা কৰা, নহ’লে পিছদিনা গোটেইদিন মূৰৰ বিষ হৈ থাকিব।

মূৰৰ বিষ বেছিকৈ হ’লে প্ৰথমে এখন অন্ধকাৰ, ঠাণ্ডা কোঠাত শুই যোৱা। কপালত ঠাণ্ডা পানীৰ কাপোৰ দিয়া। কপাল আৰু কাণৰ কাষত পুদিনা তেল লাহেকৈ মালিচ কৰিব পাৰা। আদা-তুলসী চাহ বা পুদিনা চাহ খালেও আৰাম পোৱা যায়।

 

 

মনত ৰাখিব, ঔষধ খালেই মূৰৰ বিষ ভাল নহয়। অভ্যাসখিনি ঠিক কৰিলেই ৯০% বিষ নিজে ভাল হৈ যায়।

কিন্তু যদি বিষ ৩ দিনতকৈ বেছি থাকে, লগত জ্বৰ-বমি হয়, বা হঠাতে বহুত জোৰেৰে বিষ হয় তেন্তে পলম নকৰাকৈ ডাক্তৰৰ ওচৰলৈ যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *