সহজ আৰু ঘৰুৱা পদ্ধতিৰে আপোনাৰ গালখন চিকচিকীয়া হৈ থকাৰ ৫টা উপায়

সহজ আৰু ঘৰুৱা পদ্ধতিৰে আপোনাৰ গালখন চিকচিকীয়া হৈ থকাৰ ৫টা উপায়

 

১. মধু আৰু নেমুৰ পেক

১চামুচ খাঁটি মধু লওক। তাত আধা চামুচ নেমুৰ ৰস মিহলাই ভালকৈ পেষ্ট বনাওক। পৰিষ্কাৰ গালত ব্ৰাছ বা আঙুলিৰে লগাই ১০-১৫ মিনিট এৰি থওক। তাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক।
মধুত জীৱাণুনাশক গুণ আছে যিয়ে ব্ৰণ কমায়। নেমুত ভিটামিন ছি থাকে যিয়ে দাগ আঁতৰাই ছাল উজ্জ্বল কৰে। সপ্তাহত ২ বাৰ কৰিলেই ১ মাহত পাৰ্থক্য দেখিব।
ছাল বেছি সংবেদনশীল হ’লে নেমুৰ পৰিৱৰ্তে গোলাপ জল ব্যৱহাৰ কৰক।

২. দৈ আৰু বেচনৰ স্ক্ৰাব

২চামুচ বেচন + ১ চামুচ টেঙা দৈ + অলপ হালধিৰ গুড়ি মিহলাওক। গা ধোৱাৰ আগত এই পেষ্টৰে গালত লাহে লাহে ঘূৰাই ঘূৰাই ২ মিনিট মালিচ কৰক। ১৫ মিনিট পিছত ধুই পেলাওক।
বেচনে ছালৰ বেছি তেল আৰু ময়লা শোষণ কৰে। দৈৰ দুগ্ধ এচিডে ছাল কোমল কৰে। ইয়াক সপ্তাহত ২ বাৰ কৰিলে গালত পৰা *ব্লেকহেড কমি যায়।

 

 

৩. এল’ভেৰা জেল

এল’ভেৰা গছৰ পাত কাটি ভিতৰৰ স্বচ্ছ জেলখিনি উলিয়াওক। ৰাতি শোৱাৰ আগত মুখ ধুই সেই জেলখিনি গালত লগাই ৰাতিটো থৈ দিয়ক। ৰাতিপুৱা পানীৰে ধুই পেলাওক।
এল’ভেৰাই ছালৰ জ্বলা-পোৰা কমায়, দাগ শুকায় আৰু নতুন কোষ জন্মায়। ইয়াত ৯০% পানী থাকে, গতিকে ছাল জলসিঞ্চিত ৰাখে।

৪. আলুৰ ৰস

এটা কেঁচা আলু গ্ৰেট কৰি পাতল কাপোৰত ছাকি ৰস উলিয়াওক। সেই ৰসত তুলা তিয়াই গালৰ ক’লা দাগ থকা ঠাইত লগাওক। ২০ মিনিট পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক।
আলুত থকা কেটেকোলেজ নামৰ উৎসেচকে ছালৰ ৰং হালকা কৰে। ৰ’দত গৈ অহাৰ পিছত এইটো ব্যৱহাৰ কৰিলে ৰ’দত পোৰা ভাব কমি যায়।

৫. পানী + টোপনি + হাঁহি

দিনটোত ৮-১০ গিলাচ পানী খোৱাৰ অভ্যাস কৰক। ৭-৮ ঘণ্টা টোপনি যাওক। লগতে প্ৰতিদিনে অলপ হাঁহক বা খোজ কাঢ়ক।
পানী কম খালে ছাল শুকাই যায়। টোপনি নহ’লে চকুৰ তলত ক’লা দাগ পৰে। হাঁহিলে গালৰ ৰক্ত চলাচল বাঢ়ে আৰু প্ৰাকৃতিক গোলাপী আভা আহে।

যিকোনো ২টা উপায় বাছি লৈ ২১ দিন নিয়মীয়াকৈ কৰক। লগতে ধূমপান এৰক। ফলাফল নিজেই দেখিব

Leave a Reply

Your email address will not be published. Required fields are marked *