আপুনিও উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে নেকি যদিহে ভুগি আছে তেন্তে উচ্চ ৰক্তচাপ পৰা উপশম পাবলৈ এইকেইটা উপায় আপোনাৰ বাবে

আপুনিও উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে নেকি যদিহে ভুগি আছে তেন্তে উচ্চ ৰক্তচাপ পৰা উপশম পাবলৈ এইকেইটা উপায় আপোনাৰ বাবে

উচ্চ ৰক্তচাপ আজিৰ দিনত এটা অতি সাধাৰণ কিন্তু বিপদজনক ৰোগ। ইয়াক “নীৰৱ ঘাতক” বুলিও কোৱা হয় কাৰণ ইয়াৰ কোনো স্পষ্ট লক্ষণ নাথাকে। কিন্তু সময়মতে নিয়ন্ত্ৰণ নকৰিলে ই হৃদৰোগ, মগজুৰ ষ্ট্ৰোক, কিডনীৰ সমস্যা আৰু আন বহুতো গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে।

আমাৰ ব্যস্ত জীৱনশৈলী, ভুল খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে আজিকালি কম বয়সতো ৰক্তচাপৰ সমস্যা দেখা দিছে। গতিকে সচেতন হোৱাটো অতি প্ৰয়োজনীয়।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ জীৱনশৈলীত কেইটামান পৰিৱৰ্তন আনিলেই যথেষ্ট।

প্ৰথমে খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। খাদ্যত নিমখৰ পৰিমাণ কমাব লাগে। দিনত ৫ গ্ৰামতকৈ বেছি নিমখ খাব নালাগে। পেকেটৰ খাদ্য, চিপচ, আচাৰ আৰু ভাজা-পোৰা খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ পৰিৱৰ্তে সতেজ শাক-পাচলি, ফল-মূল খাব লাগে। কল, বেদানা, পালেং শাক আৰু বিলাহীত থকা পটাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। লগতে দিনত কমেও ৮-১০গিলাচ পানী খাব লাগে যাতে শৰীৰত পানীৰ অভাৱ নহয়।

দ্বিতীয়তে নিয়মিত শাৰীৰিক কছৰত অতি প্ৰয়োজনীয়। দৈনিক ৩০ মিনিট খোজ কাঢ়া, চাইকেল চলোৱা বা যোগাসন কৰিলে হৃদয় সুস্থ থাকে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। লগতে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে কাৰণ অতিমাত্ৰা ওজনে ৰক্তচাপ বঢ়ায়।

তৃতীয়তে মানসিক স্বাস্থ্যৰ যত্ন ল’ব লাগে। টেনচন, খং আৰু মানসিক চাপে ৰক্তচাপ হঠাতে বহুখিনি বঢ়াই দিয়ে। গতিকে ধ্যান, প্ৰাণায়াম আৰু ৭-৮ ঘণ্টা ভাল টোপনি দিয়াতো জৰুৰী। লগতে ধূমপান আৰু মদ্যপান সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগে কাৰণ ই ৰক্তনলীক ক্ষতি কৰে।

 

 

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিয়মিত স্বাস্থ্য পৰীক্ষা। ঘৰতে বা নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত মাহত অন্ততঃ দুবাৰকৈ ৰক্তচাপ পৰীক্ষা কৰাওক। যদি চিকিৎসকে ঔষধ দিয়ে তেন্তে সময়মতে নিয়মিতকৈ খাওক। নিজে নিজে কেতিয়াও ঔষধৰ পৰিমাণ কম-বেছি বা বন্ধ নকৰিব।

মনত ৰাখিব, অলপ সচেতনতা আৰু নিয়মীয়া জীৱনেই আপোনাক উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা কৰিব পাৰে। সুস্থ থাকক, সুখী থাকক।

Leave a Reply

Your email address will not be published. Required fields are marked *