গৰমৰ দিনত আপোনাৰো ঘামচি হয় নেকি?

গৰমৰ দিন আহিলেই আমাৰ আটাইৰে এটা ডাঙৰ সমস্যা হ’ল ঘামচি। প্ৰচণ্ড গৰমত যেতিয়া শৰীৰৰ পৰা বেছিকৈ ঘাম ওলায় তেতিয়া আমাৰ ছালৰ যি সৰু সৰু ঘাম ওলোৱা বিন্ধা আছে সেইবোৰ ধূলি-ময়লা আৰু ঘামৰ বাবে বন্ধ হৈ যায়। তেতিয়া ঘাম বাহিৰলৈ ওলাব নোৱাৰি ভিতৰতে থাকি যায় আৰু সৰু সৰু ৰঙা গুটি হৈ ওলায়, বহুত খজুৱতি আৰু জ্বলনি হয়। বিশেষকৈ ডিঙি, পিঠি, বুকু, কাষলতি আৰু কঁকালৰ অংশত বেছিকৈ হয়। ল’ৰা-ছোৱালী আৰু শকত মানুহৰ বেছিকৈ হয়। ইয়াৰ পৰা বাচিবলৈ হ’লে আটাইতকৈ প্ৰথম কামটো হ’ল শৰীৰটো যিমান পাৰি ঠাণ্ডা আৰু শুকানকৈ ৰখা। কাৰণ ঘামচি গৰম আৰু ঘামৰ পৰাই হয়।
সেইকাৰণে কাপোৰৰ ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। যিমান পাৰি পাতল, ঢিলা আৰু শুদ্ধ সূতাৰ কাপোৰ পিন্ধিব। টাইট আৰু নাইলন, ছিন্থেটিক কাপোৰ একেবাৰে নিপিন্ধিব, কাৰণ সেইবোৰ কাপোৰত বতাহ নোসোমায় আৰু ঘাম শুকাব নোৱাৰে। ৰাতি শোৱাৰ সময়তো পাতল কাপোৰ পিন্ধি শুব আৰু বিচনাৰ চাদৰখনো সূতাৰ হ’লে ভাল হয় আৰু প্ৰতিদিনে সলনি কৰিব। দিনত অন্তত দুবাৰকৈ ঠাণ্ডা পানীৰে গা ধুব লাগে। গৰম পানীৰে একেবাৰে গা নুধুব। গা ধোৱাৰ সময়ত চাবোন বেছিকৈ ঘঁহিব নালাগে, পাৰিলে নিমৰ চাবোন ব্যৱহাৰ কৰিব পাৰে। গা ধোৱা পানীত যদি অলপ নিম পাত সিজাই লয় বা চন্দনৰ গুৰি মিহলাই লয় তেন্তে বহুত আৰাম পোৱা যায়, ঘামচিৰ জ্বলনি কমে আৰু সোনকালে শুকায়। গা ধুই উঠি তাৱেলেৰে জোৰেৰে ঘঁহি নুশুকুৱাব, লাহে লাহে মচি ল’ব যাতে গুটিবোৰ ফাটি নাযায়।
আৰু এটা কথা, ঘামচি হোৱা ঠাইত কেতিয়াও তেল, ভেচলিন বা গৰম ক্ৰীম নঘঁহিব, তেতিয়া বিন্ধাবোৰ আৰু বেছি বন্ধ হৈ যায়। তাৰ সলনি দুপৰীয়া গা ধুই উঠি শৰীৰ ভালকৈ শুকুৱাই লৈ যিকোনো ভাল ঘামচি পাউদাৰ বা নিম পাতৰ গুৰি লগাব পাৰে। দিনত যিমান পাৰি ৰ’দত ওলোৱাৰ পৰা বাচিব, যদি ওলাবই লাগে তেন্তে ছাতি লৈ ওলাব। ঘৰৰ ভিতৰতো খিৰিকী খুলি বতাহ অহা-যোৱা কৰিবলৈ দিব।
![]()
খোৱা-বোৱাৰ ক্ষেত্ৰতো অলপ নিয়ম মানিব লাগে। বেছি জলা, মছলা থকা, তেলত ভজা আৰু গৰম খাদ্য খালে শৰীৰ আৰু বেছি গৰম হৈ যায়। তাৰ সলনি পানী বেছিকৈ খাব, দিনত ৩ ৰ পৰা ৪ লিটাৰ পানী খাবই লাগে। লগতে ডাবৰ পানী, তিয়ঁহ, তৰমুজ, নেমু-চেনি-নিমখ পানী, দৈৰ মথনি এইবোৰ বেছিকৈ খালে ভিতৰৰ পৰা শৰীৰ ঠাণ্ডা হৈ থাকে আৰু ঘামচি কম হয়। মনত ৰাখিব খজুৱালেও নখেৰে নুখজুৱাব, কাৰণ নখৰ বেক্টেৰিয়া সোমাই ঘা হৈ পুঁজ হ’ব পাৰে। খজুৱতি বেছি হ’লে ঠাণ্ডা পানীত কাপোৰ তিয়াই লাহেকৈ সেই ঠাইত ধৰি থাকিব।
সাধাৰণতে এইখিনি মানি চলিলে ৩-৪ দিনতে ঘামচি নিজে ভাল হৈ যায়। কিন্তু যদি ঘামচিৰ গুটিবোৰ ডাঙৰ হৈ পুঁজ ওলায়, বহুত বিষ হয়, জ্বৰ আহে তেন্তে ঘৰতে বহি নাথাকি লগে লগে ডাক্তৰৰ ওচৰলৈ যাব।
