আজি ২১ আগষ্ট বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

আজি ২১ আগষ্ট বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো কেৱল কেলেণ্ডাৰৰ এটা তাৰিখ নহয়, এই দিনটো হ’ল আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহখিনিক, আমাৰ দেউতা-মা, ককা-আইতাক সেৱা জনোৱাৰ দিন, তেওঁলোকৰ ত্যাগক সুঁৱৰি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন।

এই বিশেষ দিৱসৰ আঁৰত এটা সুন্দৰ ইতিহাস আছে। ১৯৮৮ চনৰ ১৯ আগষ্ট তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেতিয়াৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানে এক চৰকাৰী ঘোষণাৰ জৰিয়তে প্ৰতি বছৰে ২১ আগষ্টক বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস(National Senior Citizens Day )হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ সেই ঘোষণাত উল্লেখ কৰিছিল যে আমাৰ জ্যেষ্ঠ নাগৰিক সকলে তেওঁলোকৰ সমগ্ৰ জীৱনটো দেশ, সমাজ আৰু পৰিয়ালৰ বাবে উৎসৰ্গা কৰিছে। তেওঁলোকে যি জ্ঞান, অভিজ্ঞতা আৰু কষ্টৰে আমাৰ সমাজখন গঢ়িছে, তাৰ বাবে তেওঁলোকক সন্মান জনোৱাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। তেতিয়াৰ পৰাই এই দিনটোৱে বিশ্বব্যাপী স্বীকৃতি লাভ কৰে আৰু আজি বিশ্বৰ প্ৰায়বোৰ দেশতে এই দিনটো অতি শ্ৰদ্ধাৰে পালন কৰা হয়। ভাৰত চৰকাৰৰ নিয়ম অনুসৰি ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰতিগৰাকী ব্যক্তিকে জ্যেষ্ঠ নাগৰিক হিচাপে গণ্য কৰা হয়।

 

জ্যেষ্ঠ নাগৰিক মানে কি?

এই কথাটো আমি বহু সময়ত ভুলকৈ বুজোঁ। জ্যেষ্ঠ নাগৰিক মানে কেৱল বয়সত ডাঙৰ বা অৱসৰপ্ৰাপ্ত ব্যক্তি নহয়। তেওঁলোক হ’ল আমাৰ প্ৰতিটো পৰিয়ালৰ বটবৃক্ষৰ দৰে। যেনেকৈ এজোপা বটগছে তাৰ ডাল-পাতেৰে সকলোকে ছাঁ দিয়ে, ঠিক তেনেকৈ আমাৰ জ্যেষ্ঠ সকলেও তেওঁলোকৰ মৰম, আশীৰ্বাদ আৰু সুৰক্ষাৰে আমাক আগুৰি ৰাখে। তেওঁলোক হ’ল আমাৰ জীৱনৰ জীয়া কিতাপ। তেওঁলোকৰ জীৱনত লগা প্ৰতিটো উত্থান-পতন, প্ৰতিটো সফলতা-বিফলতাৰ কাহিনী আমাৰ বাবে একো একোটা শিক্ষা। তেওঁলোকৰ মুখৰ পৰা ওলোৱা এটা ফকৰা-যোজনা, এটা সাধু বা এটা উপদেশ হাজাৰখন কিতাপ পঢ়াতকৈও বেছি মূল্যৱান। বিশেষকৈ অসমৰ দৰে ৰাজ্যত আমাৰ লোক-সংস্কৃতি, বিহু, বহাগৰ ৰীতি-নীতি, আমাৰ পৰম্পৰা এই সকলোবোৰ জীয়াই আছে আমাৰ ককা-আইতা সকলৰ মাজতেই। তেওঁলোক নোহোৱা হ’লে আমাৰ শিপা নোহোৱা হৈ যাব।

কিন্তু অতি দুখৰ বিষয় যে আজিৰ আধুনিক আৰু ব্যস্ত সমাজ ব্যৱস্থাত আমি আমাৰ এই শিপাডালক পাহৰিবলৈ আৰম্ভ কৰিছোঁ। নগৰীকৰণ, একক পৰিয়ালৰ ধাৰণা, বিদেশমুখীতা আৰু প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰে আমাৰ জ্যেষ্ঠ সকলক আমাৰ পৰা আঁতৰাই নিছে। আজি বহু জ্যেষ্ঠ নাগৰিকে ঘৰৰ এটা কোণত অকলে সময় কটাবলগীয়া হৈছে, বহুতে বৃদ্ধাশ্ৰমত চকুপানীৰে দিন কটাইছে। তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল অকলশৰীয়াতা। শাৰীৰিক অসুস্থতা, আৰ্থিক নিৰাপত্তাহীনতাতকৈও তেওঁলোকক বেছি কষ্ট দিয়ে মানসিক অকলশৰীয়াতাই। তেওঁলোকে আমাৰ পৰা ধন-সম্পত্তি একো নিবিচাৰে, তেওঁলোকে বিচাৰে মাথোঁ অলপ সময়, আমাৰ লগত বহি এষাৰ মাত,কথা পতাৰ সুযোগ, এটা মৰমৰ স্পৰ্শ।

সেয়ে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস কেৱল এটা আনুষ্ঠানিকতা নহয়, ই আমাৰ বাবে এক সজাগতাৰ দিন। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে আজি আমি যি সন্তান, কাইলৈ আমিও কাৰোবাৰ ককা-আইতা হ’ম। আমি আজি আমাৰ জ্যেষ্ঠ সকলক যি ব্যৱহাৰ কৰিম, যি মৰম দিম, কাইলৈ আমাৰ সন্তানেও আমাক তাকেই ঘূৰাই দিব। সেয়ে আহক আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে মনে মনে এটা প্ৰতিজ্ঞা কৰোঁ যে আমি আমাৰ ঘৰৰ আৰু সমাজৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক সদায় সন্মান কৰিম, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল’ম, তেওঁলোকৰ লগত প্ৰতিদিনে অলপ সময় কটাম আৰু তেওঁলোকক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিওঁ। তেওঁলোকক মৰম আৰু সুৰক্ষা দিয়াটোৱেই হ’ব এই দিৱসৰ প্ৰকৃত উদযাপন।

শেষত বিশ্বৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ আন্তৰিক সেৱা, সন্মান আৰু শুভেচ্ছা জনালোঁ। সকলো সুস্থ থাকক, দীৰ্ঘায়ু হওক আৰু আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ মূৰৰ ওপৰত থাকক।

Leave a Reply

Your email address will not be published. Required fields are marked *