হালধিক কিয় ‘প্ৰকৃতিৰ সোণ’ আৰু ‘আয়ুৰ্বেদৰ ৰাণী’বুলি কোৱা হয় জানেনে?

হালধিক কিয় ‘প্ৰকৃতিৰ সোণ’ আৰু ‘আয়ুৰ্বেদৰ ৰাণী’বুলি কোৱা হয় জানেনে?

কাৰণ ৬০০০ বছৰ ধৰি ইয়াৰে সকলো ৰোগৰ চিকিৎসা হৈ আহিছে। ইয়াত থকা কাৰকিউমিন নামৰ হালধীয়া ৰঙৰ উপাদানটো পৃথিৱীৰ আটাইতকৈ শক্তিশালী প্ৰাকৃতিক দৰৱ।

১. আটাইতকৈ শক্তিশালী প্ৰাকৃতিক এণ্টিবায়টিক আৰু এণ্টিচেপটিক:
আগৰ দিনত দৰৱ নাছিল, মানুহে কটা-ছিঙা, পোৰা ঘাত হালধি গুড়ি লগাইছিল। হালধিয়ে –
– তেজ ওলোৱা বন্ধ কৰে
– ঘাত বেক্টেৰিয়া হ’বলৈ নিদিয়ে, পুঁজ নহয়
– ঘা ৩ গুণ সোনকালে শুকুৱায়
– চৰ্দি, কাহ, ভাইৰাছ জ্বৰত হালধি থকা গৰম পানীয়ে দৰৱতকৈ বেছি কাম কৰে

২. ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ৰক্ষক:
ৰাতি শোৱাৰ আগত এগিলাচ গৰম গাখীৰত আধা চামুচ হালধি + অকণমান জালুক মিহলাই খালে –
– শৰীৰৰ Immunity 200% বাঢ়ে
– বাৰে বাৰে চৰ্দি-কাহ লগা বন্ধ হয়
– কৰ’ণাৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থায়ো হালধি খাবলৈ পৰামৰ্শ দিছিল
– শিশুৰ পৰা বুঢ়ালৈকে সকলোৱে খাব পাৰে

৩. গাঁঠিৰ বিষ, বাত বিষ, ফুলাৰ মহৌষধ:
৪০ বছৰৰ পাছত প্ৰায় সকলোৰে আঁঠুৰ বিষ হয়। হালধিৰ কাৰকিউমিনে শৰীৰৰ ভিতৰৰ ফুলা (Inflammation) কমায়।
– নিয়মিত কেঁচা হালধি খালে আঁঠুৰ গ্ৰীজ বাঢ়ে
– বিষৰ দৰৱতকৈ হালধিয়ে কোনো পাৰ্শ্বক্ৰিয়া নকৰাকৈ বিষ কমায়
– খেলুৱৈ সকলে আঘাত পালে হালধি খালে ফুলা সোনকালে কমে

 

৪. ছাল আৰু ৰূপ-সৌন্দৰ্যৰ ৰহস্য:
– তেজ ছাফা কৰে, যাৰ বাবে ব্ৰণ, ফোঁহা, ক’লা দাগ ভিতৰৰ পৰা কমে
– হালধি + মৌ + গোলাপ পানী মিহলাই মুখত লগালে ছাল ২ গুণ উজ্জ্বল হয়
– ৰ’দত পোৰা ছাল, ক’লা পৰা ঠাই নাইকিয়া কৰে
– বিয়াৰ আগত কইনা-দৰাক হালধি সনোৱাৰ কাৰণ ছালখন সোণৰ দৰে জিলিকিবলৈ

৫. পেট, যকৃত আৰু হজমৰ বাবে:
– যকৃতত জমা হোৱা বিষাক্ত পদাৰ্থ উলিয়াই দিয়ে, মদ খোৱা মানুহৰ বাবে বৰ উপকাৰী
– হজম শক্তি বঢ়ায়, গেছ, এচিডিটি, বদহজম কমায়
– পেটৰ কৃমি মাৰে

৬. ডায়েবেটিছ, হৃদৰোগ আৰু কৰ্কট ৰোধ কৰে:
– তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে
– তেজৰ নলীত চৰ্বি জমা হ’বলৈ নিদিয়ে, হাৰ্ট এটেকৰ সম্ভাৱনা কমায়
– আমেৰিকাৰ গৱেষণা মতে হালধিয়ে কৰ্কট কোষক বাঢ়িবলৈ নিদিয়ে, বিশেষকৈ স্তন, প্ৰষ্টেট আৰু কোলন কৰ্কটত

 

৭. মগজু আৰু মানসিক স্বাস্থ্য:
– স্মৃতি শক্তি বঢ়ায়, আলঝেইমাৰ ৰোগ ৰোধ কৰে
– হতাশা, টোপনি নহা, খিংখিঙীয়া মেজাজ কমায়

খোৱাৰ সঠিক নিয়ম:
১. কেঁচা হালধি: ৰাতিপুৱা খালী পেটত ১ ইঞ্চি কেঁচা হালধি + নেমু + মধু
২. গুড়ি হালধি: গৰম গাখীৰ বা গৰম পানীত আধা চামুচ + এচিকুট জালুক (জালুক দিলে হালধিৰ শক্তি ২০০০% বাঢ়ে)
৩. আঞ্জাত: ৰন্ধাৰ শেষত হালধি দিলে গুণ বেছি থাকে

সাৱধানতা:
দিনে ২-৩ গ্ৰামতকৈ বেছি নাখাব। পিত্তৰ পাথৰ, গৰ্ভৱতী মহিলা আৰু বেছি গৰম প্ৰকৃতিৰ মানুহে ডাক্তৰক সুধি খাব। খালী পেটত বেছি খালে বমি ভাব আহিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *