নেপালত বানপানীৰ বিভীষিকা
নেপালত বৰ্তমান এক ভয়ংকৰ বানৰ বিভীষিকাই দেখা দিছে।
যোৱা ২৬ আগষ্ট বুধবাৰে পুৱা নেপাল-চীনৰ তিব্বত সীমান্তত সংঘটিত হোৱা এক বিশাল হিমবাহৰ স্খলনৰ ফলত এই ভয়াবহ বানপানীৰ সৃষ্টি হয়।

বিজ্ঞানীসকলৰ মতে হিমালয়ৰ এটা হিমবাহৰ তলৰ অংশ ভাঙি তলৰ উপত্যকাত খহি পৰে। উপগ্ৰহৰ ছবিত দেখা গৈছে সেউজীয়া পাহাৰ এতিয়া বোকা আৰু শিলেৰে পুত খাই গৈছে। এই বোকা আৰু শিলৰ বিশাল স্তূপটো ভোটেকোশী নদীৰ উপনৈ লেণ্ডে খোলাত পৰি নদীৰ পানী হঠাৎ ফেনে ফোটোকাৰে ফুঁলি উঠে। ফলত নদীৰ দুয়োপাৰে থকা গাঁও, ৰাস্তা, দলং আৰু জলবিদ্যুৎ প্ৰকল্পবোৰ মুহূৰ্ততে উটুৱাই লৈ যায়।
এজন ৬৮ বছৰীয়া জীৱিত ব্যক্তিয়ে কৈছে – “বোকাৰ এটা বিশাল ঢৌ আমাৰ ফালে আহি আছিল, ওচৰলৈ আহি থাকোতে ই আৰু ওখ হৈ গৈ থাকিল। মই মোৰ পত্নীৰ হাত ধৰি ছাদলৈ নিবলৈ চেষ্টা কৰিলোঁ কিন্তু বোকাই তাইক উটুৱাই লৈ গ’ল।”
এতিয়ালৈকে চৰকাৰী তথ্য অনুসৰি কমেও
১৭৮জন লোকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰা হৈছে। কিন্তু এই সংখ্যা আৰু বহু বেছি বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। ১৫০০ লোক এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত প্ৰায় ৮০০ বিদেশী পৰ্যটক আছে

নিখোজ হোৱা সকলৰ ভিতৰত ৩০০
ভাৰতীয় আছে, যিসকলৰ বেছিভাগেই কৈলাশ মানসৰোবৰ যাত্ৰালৈ গৈছিল। ইয়াৰ উপৰিও আমেৰিকাৰ ৬৩ জন, অষ্ট্ৰেলিয়াৰ ৩৪ জন, ব্ৰিটেইনৰ ৩৩ জন, কানাডাৰ ২৫ জন পৰ্যটকো সন্ধানহীন। তিব্বতৰ গিৰং কাউণ্টিতো ৫৫৮ জন লোক সন্ধানহীন।
এই বানে ১৯ খন গাড়ী চলা দলং আৰু ৪০ কিলোমিটাৰ ৰাস্তা ধ্বংস কৰিছে। ৰাসুৱা জিলাৰ টিমুৰে, ছিয়াব্ৰুবেছি অঞ্চল আৰু ত্ৰিশূলী নদীৰ পাৰৰ অঞ্চলবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
নেপালৰ সেনা আৰু আৰক্ষীয়ে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাই আছে। ভাৰত চৰকাৰেও ৩৭.৫ টন সাহায্য সামগ্ৰী, ঔষধ আৰু খাদ্য পঠিয়াইছে। বিহাৰতো বানপানীৰ সতৰ্কতা জাৰি কৰি ৫০০০ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

বিজ্ঞানীসকলে কৈছে যে গোলকীয় উষ্ণতাৰ বাবে নেপালৰ হিমবাহবোৰ যোৱা ৩০ বছৰত এক তৃতীয়াংশ গলি গৈছে। ইয়াৰ ফলত এনেকুৱা হঠাৎ বানপানীৰ আশংকা দিনক দিনে বাঢ়ি গৈ আছে।
বৰ্তমান নেপালৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীক শোকত ভাগি পৰা বুলি কৈ ৰাতিৰ ভিতৰতো উদ্ধাৰ অভিযান চলি থাকিব বুলি ঘোষণা কৰিছে।
