আপুনিও বাৰু আঁঠুৰ বিষৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে এই ঘৰুৱা উপায় আপোনাৰ বাবে

 

আপুনিও বাৰু আঁঠুৰ বিষৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে এই ঘৰুৱা উপায় আপোনাৰ বাবে…………

আঁঠুৰ বিষ বৰ্তমান সময়ত কেৱল বয়স্ক লোকৰ সমস্যা হৈ থকা নাই, কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজতো এই সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ মূল কাৰণ হৈছে আমাৰ জীৱনশৈলীৰ পৰিবৰ্তন, দীৰ্ঘ সময় ধৰি একে ঠাইতে বহি থকা, শাৰীৰিক পৰিশ্ৰম কমি যোৱা, ভুল ধৰণেৰে বহা-উঠা কৰা, তলত জাপ মাৰি বহি দীৰ্ঘ সময় কাম কৰা, অত্যাধিক ওজন বৃদ্ধি হোৱা আৰু কেতিয়াবা আঘাত পোৱাৰ বাবেও আঁঠুৰ বিষ হয়। আঁঠু হৈছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু জটিল গাঁঠি, গোটেই শৰীৰৰ ভৰ ইয়াৰ ওপৰতে পৰে গতিকে অলপ অসাৱধান হলেই ইয়াত বিষ আৰম্ভ হয়।

 

 

 

 

 

যদি আঁঠুৰ বিষ হঠাৎ আৰম্ভ হৈছে বা পৰি গৈ, আঘাত পাই বিষ হৈছে তেন্তে প্ৰথম ৪৮ ঘণ্টা আটাইতকৈ গুৰুত্বপূৰ্ণ। এই সময়ত আঁঠুটোত বৰফৰ সেক দিব লাগে, প্ৰতিবাৰ ১০ ৰ পৰা ১৫ মিনিটকৈ দিনে ৩-৪ বাৰ। বৰফে বিষ আৰু ফুলা দুয়োটাই কমাই দিয়ে। কেতিয়াও পোনপটীয়াকৈ ছালত বৰফ নিদিব, এখন কাপোৰত মেৰিয়াই লব। লগতে সম্পূৰ্ণ জিৰণি দিব লাগে, বেছি খোজ কঢ়া, দৌৰা, ছিৰী বগোৱা বা ওজন দাঙি কাম কৰা কেইদিনমানৰ বাবে বন্ধ ৰাখিব লাগে। ৰাতি শোওঁতে ভৰিৰ তলত দুটা গাৰু দি ভৰিখন হৃদপিণ্ডতকৈ অলপ ওপৰলৈ তুলি শুলে তেজ জমা হৈ ফুলি থকাটো কমি যায়।

আনহাতে যদি বিষটো পুৰণি, বহু দিনৰ পৰা আছে, ঠাণ্ডাত বেছি হয় তেন্তে গৰম সেকটো বেছি উপকাৰী। মিঠা তেল বা যিকোনো বিষৰ তেল অলপ গৰম কৰি লাহে লাহে ওপৰৰ পৰা তললৈ মালিচ কৰি তাৰ পিছত গৰম পানীত তিতা কাপোৰেৰে বা নিমখ গৰম কৰি এটা কাপোৰত বান্ধি সেক দিলে তেজ চলাচল বাঢ়ে আৰু বিষটো বহুত আৰাম পোৱা যায়। এইখিনি কৰাৰ লগতে আমাৰ দৈনন্দিন অভ্যাসবোৰ সলনি কৰাটো খুবেই জৰুৰী। তলত বহি কাম কৰা, জাপ মাৰি বহা অভ্যাসটো একেবাৰে বাদ দিব লাগে, সদায় চকীত বহি কাম কৰিব লাগে, পায়খানাৰ বাবে কুমুদ ব্যৱহাৰ কৰিলে আঁঠুত চাপ কম পৰে।

খোৱা-বোৱাৰ ক্ষেত্ৰতো যত্ন লব লাগে, কাৰণ হাড় মজবুত নহলে আঁঠুৰ বিষ কোনোদিনে নকমে। প্ৰতিদিনে হালধী দিয়া গ

ৰম গাখীৰ খাব পাৰিলে খুব ভাল, হালধীয়ে বিষ কমোৱাত সহায় কৰে। লগতে কেলচিয়াম আৰু ভিটামিন D থকা খাদ্য যেনে সৰু মাছ, কণী, গাখীৰ, দৈ, সেউজীয়া শাক-পাচলি, বাদাম, তিল বেছিকৈ খাব লাগে আৰু দিনে ৮-১০ গিলাচ পানী খাব লাগে। বেছি তেল-মছলাযুক্ত খাদ্য, ফাষ্ট ফুড, ক’ল্ড ড্ৰিংক্স আৰু মিঠা বস্তু কমাব লাগে কাৰণ ইবোৰে ওজন বঢ়াই আঁঠুৰ ক্ষতি কৰে। ৰ’দত অলপ সময় বহিলেও শৰীৰে ভিটামিন D পায় যিয়ে হাড় মজবুত কৰে।

বিষ অলপ কমি অহাৰ পিছত লাহে লাহে ব্যায়াম আৰম্ভ কৰিব লাগে। আটাইতকৈ সহজ ব্যায়ামটো হৈছে চকীত পোনে পোনে বহি এখন ভৰি পোনাই ওপৰলৈ তুলি ১০ ছেকেণ্ড ধৰি ৰখা, তাৰ পিছত আনখন ভৰিৰে একে কৰা। এইদৰে দিনে ১০ বাৰকৈ কৰিলে আঁঠুৰ চাৰিওফালে থকা মাংসপেশীবোৰ শক্তিশালী হয়। লগতে পুৱা গধূলি সমান ঠাইত ২০-৩০ মিনিট খোজ কঢ়াটোও আঁঠুৰ বাবে ভাল, কিন্তু মনত ৰাখিব বিষ থাকোতে কেতিয়াও জোৰকৈ ব্যায়াম বা দৌৰা-জপৰা কৰিব নালাগে।

 

 

শেষত এটা কথা মনত ৰখা দৰকাৰ, যদি আঁঠু ফুলি গৈছে, ৰঙা পৰিছে, জ্বৰ আহিছে, এহপ্তাতকৈ বেছি দিন বিষটো একেৰাহে আছে, খোজ কাঢ়িবই পৰা নাই বা আঁঠুৰ পৰা কিবা শব্দ ওলাই আছে তেন্তে ঘৰুৱা চিকিৎসাতে সময় নষ্ট নকৰি সোনকালে এবাৰ ভাল হাড়ৰ বিশেষজ্ঞ ডাক্তৰক দেখুওৱাটো অত্যন্ত জৰুৰী, কাৰণ কেতিয়াবা আৰ্থ্ৰাইটিছ বা আন ডাঙৰ সমস্যাৰ বাবেও এনে বিষ হব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *