দিনটোত ৩ বাৰকৈ চাহ খাই নেকি? তেন্তে আজিয়েই সাৱধান হওক, হ’ব পাৰে এই ভয়ংকৰ ৰোগ!

দিনটোত ৩ বাৰকৈ চাহ খাই নেকি? তেন্তে আজিয়েই সাৱধান হওক, হ’ব পাৰে এই ভয়ংকৰ ৰোগ!

 

অসমীয়া মানুহ আৰু চাহ, এই দুটা যেন এটা আত্মা। ৰাতিপুৱা শুই উঠি এবাৰ, দিনৰ ১১ বজাত এবাৰ, আবেলি ৪ বজাত এবাৰ… দিনটোত ৩-৪ বাৰ চাহ নাখালে দিনটো যেন সম্পূৰ্ণই নহয়। আপুনিও যদি তেনেকৈ দিনটোত ৩ বাৰ বা তাতকৈ বেছি চাহ খায়, তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত জৰুৰী।

আমি সকলোৱে ভাবো চাহ খালে ভাগৰ গুচে, মনটো ভাল লাগে। দিনটোত ৩ বাৰতকৈ বেছি চাহ খোৱাটোৱে আপোনাক লাহে লাহে মৃত্যুৰ ফালে ঠেলি দিছে। বিশেষকৈ আমি খোৱা গাখীৰ, চেনি দিয়া কাড়া চাহে শৰীৰৰ বাবে বিষতকৈও ভয়ংকৰ।

দিনটোত ৩ বাৰ চাহ খালে কি কি ৰোগ হয় জানেনে?

১. গেছ, এচিডিটি আৰু আলচাৰ:
ৰাতিপুৱা খালী পেটত চাহ খোৱাটো আটাইতকৈ বেয়া অভ্যাস। চাহত থকা টেনিনে পেটত এচিডৰ পৰিমাণ বঢ়াই দিয়ে। যাৰ ফলত পেটত জ্বলা-পোৰা, গেছ, বুকুৰ বিষ আৰু লাহে লাহে আলচাৰৰ দৰে ৰোগ হয়।

২. টোপনি নহা আৰু ডিপ্ৰেচন:
চাহত কেফেইন থাকে যিয়ে মগজুক সাৰে ৰাখে। দিনটোত ৩ বাৰতকৈ বেছি চাহ খালে ৰাতি টোপনি নাহে। টোপনি কম হ’লে মানুহ খিংখিঙীয়া হয়, মূৰৰ বিষ হয় আৰু ডিপ্ৰেচনত ভোগে।

৩. কিডনীত পাথৰ আৰু কিডনী বিকল:
চাহত Oxalate নামৰ পদাৰ্থ থাকে। বেছি চাহ খালে এই পদাৰ্থ কিডনীত জমা হৈ পাথৰ হয়। লগতে বেছি চেনি দিয়া চাহে কিডনীৰ ওপৰত বহুত চাপ পেলায়।

৪. হাড় দুৰ্বল হৈ যোৱা:
দিনটোত বেছিকৈ চাহ খালে শৰীৰে কেলচিয়াম শোষণ কৰিব নোৱাৰে। যাৰ ফলত ৩৫ বছৰ পাৰ হোৱাৰ পিছত হাড়ৰ বিষ, আঁঠুৰ বিষ আৰম্ভ হয় আৰু হাড় ভঙাৰ সম্ভাৱনা বাঢ়ে।

৫. ওজন বঢ়া আৰু ডায়েবেটিছ:
এখন চাহৰ লগত বিস্কুট, ২ চামুচ চেনি, গাখীৰ। দিনটোত ৩ বাৰ মানে ৬ চামুচ চেনি। ইয়ে আপোনাৰ ওজন খুব সোনকালে বঢ়াই দিয়ে আৰু ডায়েবেটিছৰ মূল কাৰণ হৈ পৰে।

তেন্তে কি কৰিব? চাহ খাবই নালাগে নেকি?

নহয়, চাহ খাব পাৰে কিন্তু নিয়ম মানি।

১. দিনটোত ২ বাৰতকৈ বেছি চাহ নাখাব।
২. খালী পেটত কেতিয়াও চাহ নাখাব, আগত ১ গিলাছ পানী আৰু বিস্কুট খাওক।
৩. কাড়া চাহৰ সলনি ৰঙা চাহ বা গ্ৰীণ টি খাওক।
৪. চাহত চেনিৰ পৰিমাণ কমাওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *