আপুনিও ৰাতি শুৱাৰ সময়ত মোবাইল ফোনটো চাৰ্জত লগাই শুৱে নেকি? ১০০ জনৰ ভিতৰত ৯০ জন মানুহেই এই কামটো কৰে। ভাবে ৰাতি চাৰ্জত লগাই দিলে ৰাতিপুৱা ১০০% হৈ থাকিব। কিন্তু আপুনি জানেনে আপোনাৰ এই সৰু অভ্যাসটোৱে আপোনাৰ ঘৰখন জ্বলাই দিব পাৰে, আপোনাৰ জীৱনলৈ বিপদ মাতিব পাৰে? শেহতীয়াকৈ সমগ্ৰ দেশতে এনেকৈ ফোন বিস্ফোৰণৰ ঘটনা বাঢ়ি গৈছে।
কিয় বিস্ফোৰণ হয়? বিজ্ঞান কি কয়?
প্ৰতিটো স্মাৰ্টফোনত Lithium-ion বেটাৰী থাকে। এই বেটাৰী ১০০% চাৰ্জ হবলৈ সাধাৰণতে ১.৫ ৰ পৰা ২ ঘণ্টা সময় লাগে। যেতিয়া আপুনি ৰাতি ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ মানে ৮ ঘণ্টা চাৰ্জত লগাই ৰাখে, তেতিয়া ২ ঘণ্টাৰ পিছতো ফোনটোৱে বাৰে বাৰে চাৰ্জ লৈ থাকে আৰু এৰি থাকে। ইয়াক Trickle Charging বোলা হয়। ইয়াৰ ফলত বেটাৰীৰ ভিতৰত অতিৰিক্ত গৰম সৃষ্টি হয়।
আৰু যদি আপুনি ২০০-৩০০ টকীয়া নকল চাৰ্জাৰ ব্যৱহাৰ কৰে তেন্তে বিপদ আৰু বেছি। নকল চাৰ্জাৰত Auto Cut Off System নাথাকে। অৰিজিনেল চাৰ্জাৰে ১০০% হলে নিজে নিজে বিদ্যুৎ বন্ধ কৰি দিয়ে যদিও নকল চাৰ্জাৰে নিদিয়ে। ফলত বেটাৰী ফুলি উঠে আৰু বিস্ফোৰণ হয়।
আটাইতকৈ ডাঙৰ ভুল ৩ টা যি সকলোৱে কৰে:
১. গাৰুৰ তলত বা বিচনাত থৈ চাৰ্জ কৰা:বহুতে চাৰ্জত লগাই গাৰুৰ তলত থৈ দিয়ে। চাৰ্জ হৈ থাকোতে ফোন গৰম হয়, গৰম ওলাই যাবলৈ ঠাই নাপালে ভিতৰতে জমা হৈ বিস্ফোৰণ হয়। যোৱা মাহত নগাঁও আৰু শিৱসাগৰত এনেকুৱা ঘটনা ঘটিছে।
২. চাৰ্জত লগাই গোটেই ৰাতি গেম খেলা বা ভিডিঅ’ চোৱা: এফালে চাৰ্জ লৈ আছে আনফালে আপুনি গেম খেলি আছে, ইয়াৰ ফলত ফোন দুগুণ গৰম হয়।
৩. কভাৰ নোখোলাকৈ চাৰ্জ কৰা: মোটা কভাৰ লগাই থলে গৰম ওলাব নোৱাৰে।
সুৰক্ষিত থাকিবলৈ ৫ টা উপায়:
১. সদায় দিনৰ ভাগতহে ফোন চাৰ্জ কৰক। ২০% ৰ পৰা ৮০% লৈকে চাৰ্জ কৰাটোৱেই আটাইতকৈ ভাল। ১০০% কৰাৰ দৰকাৰ নাই।
২. অৰিজিনেল চাৰ্জাৰহে ব্যৱহাৰ কৰক।
৩. চাৰ্জত থকা অৱস্থাত ফোনটো টেবুল বা মজিয়াত ৰাখক যাতে গৰম ওলাই যাব পাৰে।
৪. চাৰ্জত লগাই কথা পাতিলে কাণৰ ওচৰত বিস্ফোৰণ হৈ কাণ ফুটা হৈ যাব পাৰে।
৫. যদি ফোন বেছি গৰম হৈ আছে বা বেটাৰী ফুলি গৈছে তেন্তে লগে লগে দোকানত দেখুৱাওক।
মনত ৰাখিব এটা ফোনৰ দাম ১০ হাজাৰ বা ২০ হাজাৰ টকা কিন্তু আপোনাৰ জীৱন অমূল্য। গতিকে আজিৰ পৰাই এই ভুল নকৰিব আৰু পৰিয়ালৰ সকলোকে Share কৰি জনাই দিয়ক।
