নিমিষা হত্যাকাণ্ডক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত। এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত মঙলবাৰে আটক কৰা ৰূপম শইকীয়াক অৱশেষত নিশা সোধা-পোছাৰ পিছত আজাৰা আৰক্ষীয়ে মুকলি কৰি দিয়ে।
হঠাৎ ক’লৈ নিৰুদ্দেশ হৈছিল ৰূপম?
ঘটনাৰ পিছদিনা সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল ৰূপম। পৰিয়ালে বহু ঠাইত খবৰ কৰিও তেওঁৰ কোনো খবৰ পোৱা নাছিল, যাৰ বাবে ৰহস্য আৰু গভীৰ হৈ পৰিছিল।
মূল অভিযুক্ত ক’ত?
আনহাতে, এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত আছিক আলী আৰু মিন্টু আলী এতিয়াও আৰক্ষীৰ জালত। আছিকক ৮ দিনৰ আৰক্ষী জিম্মাত আৰু মিন্টুক ৪ দিনৰ জিম্মাত ৰাখিছে গড়চুক আৰক্ষীয়ে।
২৫ ছেপ্টেম্বৰৰ সেই নিশা
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, ২৫ ছেপ্টেম্বৰত আছিক, নিমিষা আৰু ৰূপমে একেলগে হোমষ্টেত সুৰাপান কৰিছিল। নিশা ১০:০০বজাত ৰূপম হোমষ্টেৰ পৰা ওলাই ঘৰলৈ আহে।
পিছদিনা পুৱা মিৰ্জাত পৰিয়ালৰ মৃত্যুৰ খবৰ ল’বলৈ যায় আৰু গোটেই দিনটো ঘৰতে থাকে। কিন্তু সন্ধিয়া আদাবাৰীৰ ফালে বাইকেৰে ওলাই যোৱাৰ পিছৰে পৰা তেওঁ নিৰুদ্দেশ হৈ যায়।
ডেৰ মাহৰ চিনাকি, গাড়ীত শ্বিলং ভ্ৰমণ!
আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল, মাত্ৰ ডেৰ মাহ আগতেহে ৰূপমৰ সৈতে আছিক-নিমিষাৰ চিনাকি হৈছিল। ৰূপমৰ গাড়ীতে দুয়ো শ্বিলঙলৈও গৈছিল।
