ধাৰাপুৰত যুৱতীৰ ৰহস্যজনক মৃত্যু! হোমষ্টে’ত উদ্ধাৰ নিমিষাৰ মৃতদেহ, নাৰকীয় নিৰ্যাতনৰ আশংকা

গুৱাহাটীৰ গড়লত থকা RUDRA’S KITCHEN নামৰ হোমষ্টে’টোৰ পৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱতীগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫ বছৰীয়া সংহত পাঠ্যক্ৰমৰ ছাত্ৰী আৰু ধাৰাপুৰৰ স্থায়ী বাসিন্দা বুলি জানিব পৰা গৈছে।

দণ্ডাধীশৰ INQUEST REPORT ত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ মুখমণ্ডল, হাত, মূৰ আৰু গোপন অংগত আঘাতৰ চিন স্পষ্টকৈ আছে। ইয়াকে লৈ হত্যাৰ সন্দেহ অধিক ঘনীভূত হৈছে।

ঘটনাৰ মূল অভিযুক্ত ২৬ বছৰীয়া ৰেপিড’ চালক আছিক আলী আৰু হোমষ্টে’টোৰ গৰাকী জয়ন্ত সাথীক আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে, যুৱতীগৰাকী আৰু আছিক প্ৰায়ে হোমষ্টে’টোলৈ আহে। কালি সন্ধিয়া ৬ বজাত দুয়ো হোমষ্টে’ত সোমাইছিল। নিশা এপ্লেট ভাত আৰু কণীৰ তৰকাৰীৰ অৰ্ডাৰ দিছিল।

নিশা প্ৰায় ২ বজাত যুৱতীগৰাকীয়ে মাতৃলৈ ফোন কৰি কৈছিল – “মা ইহঁতে মোৰ বুকুত গুৰিয়াই আছে, উশাহ ল’ব পৰা নাই”। পিতৃ-মাতৃয়ে ফোনত ২-৩ জন ল’ৰাৰ মাত শুনিছিল। ইয়াৰ পাছতে ফোনটো Switch Off হৈ যায়।

পৰিয়ালে লগে লগে আজাৰা থানাত খবৰ দিয়ে। ইফালে নিশা ২ বজাতে আছিকে ৰান্ধনীক দুৱাৰত ঢকিয়াই জগাইছিল আৰু পাছত জোন নামৰ এজনে এম্বুলেন্স মাতি যুৱতীক গড়ল PHE লৈ নিয়ে। অৱস্থা সংকটজনক হোৱাত GMCH লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃত ছাত্ৰীৰ পিতৃয়ে কয়, “২২ বছৰে ছোৱালীজনীক ডাঙৰ কৰিছো। যি সময়ত বিয়াৰ চিন্তা কৰিব লাগিছিল, সেই সময়ত চিতাৰ চিন্তা কৰিব লগা হৈছে। মোৰ ছোৱালীক যেনেকৈ মাৰিছে তেনেকৈ শাস্তি দিব লাগে।”

আৰক্ষীয়ে মৃতদেহ GMCH ত মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাইছে। ৰিপ’ৰ্ট অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *