অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ বিজেপি বিধায়ক বিজয় গুপ্তাই কৰা এক বিভ্ৰান্তিকৰ মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিন অনুৰাগীৰ আবেগক আঘাত কৰা বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে এতিয়া সৰৱ হৈ পৰিছে জুবিন অনুৰাগীসকল।
এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ নেতা সীমান্ত শেখৰে। বিজেপি বিধায়ক বিজয় গুপ্তাক কঠোৰ ভাষাৰে সকীয়াই দি সীমান্ত শেখৰে কয়, “জুবিনদা অসমৰ স্বাভিমান। তেখেতক লৈ মন্তব্য কৰাৰ আগতে এশবাৰ ভাবি চাব লাগে। জুবিনদাৰ বিষয়ে কথা কওঁতে অন্ততঃ সন্মানখিনি বজাই ৰাখক।”
জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ অসমীয়াৰ আৱেগ, অসমীয়াৰ হৃদয়ৰ স্পন্দন বুলিও মন্তব্য কৰে সীমান্ত শেখৰে। এনে এগৰাকী মহান শিল্পীৰ বিৰুদ্ধে কৰা যিকোনো অপমানজনক মন্তব্য অসমৰ জনতাই কেতিয়াও মানি নলয় বুলিও তেওঁ সকীয়াই দিয়ে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ প্ৰথম স্মৃতি দিৱসৰ প্ৰাকক্ষণত এনে বিতৰ্কিত মন্তব্যই ৰাজনৈতিক মহলতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
