ৰাতি শুৱাৰ আগত মৌ আৰু নেমুৰ গৰম পানী খালে কি হয়? ওজন কমা, ভাল টোপনি, পেট পৰিষ্কাৰ আৰু ছাল উজ্জ্বল হোৱাৰ উপকাৰিতা জানক।
আমি সকলোৱে ৰাতিপুৱা খালী পেটত নেমু পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো। কিন্তু আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ৰাতি শুৱাৰ আগত কুহুমীয়া গৰম পানীত ১ চামুচ খাঁটি মৌ আৰু নেমু মিহলাই খালে ইয়াৰ উপকাৰ ২ গুণ বাঢ়ি যায়। মাত্ৰ ৭ দিন নিয়মিত খাই চাওক, শৰীৰত অবিশ্বাস্য পৰিৱৰ্তন দেখিব।
৭ দিনত শৰীৰত কি কি হয়?
১. ওজন দ্ৰুত গতিত কমে:
নেমুত থকা ভিটামিন C আৰু মৌত থকা এমিনো এচিডে শৰীৰৰ মেটাবলিজম ৰাতিৰ ভিতৰতে বঢ়াই দিয়ে। টোপনিৰ সময়তো ই কেলৰি বাৰ্ণ কৰাত সহায় কৰে। যাৰ ফলত পেট আৰু কঁকালৰ চৰ্বি কমিবলৈ আৰম্ভ কৰে।
২. গভীৰ টোপনি আহে:
যদি আপোনাৰ ৰাতি টোপনি নাহে, তেন্তে এই পানী আপোনাৰ বাবে দৰৱৰ দৰে। মৌ খালে মগজুত ট্ৰিপটোফেন নামৰ হৰম’ন নিৰ্গত হয়, যিয়ে মেলাটনিনলৈ পৰিৱৰ্তিত হৈ ভাল টোপনি আনাত সহায় কৰে।
৩. পেটৰ সকলো সমস্যা নাইকিয়া হয়:
পুৱা উঠি পেট ফুলা, গেছ, কোষ্ঠকাঠিন্যত ভুগে নেকি? এই পানীয়ে লিভাৰ পৰিষ্কাৰ কৰে আৰু হজম শক্তি বঢ়ায়। ৰাতি খোৱা খাদ্য সহজে হজম হয় আৰু পুৱা পেট সম্পূৰ্ণ পৰিষ্কাৰ হয়।
৪. ছাল আৰু চুলিৰ বাবে যাদুৰ দৰে:
শৰীৰত Toxin জমা হ’লেই মুখত ব্ৰণ আৰু দাগ হয়। নেমু আৰু মৌৰ পানীয়ে তেজ পৰিষ্কাৰ কৰে। ফলত মাত্ৰ এটা সপ্তাহতে ছালখন ভিতৰৰ পৰা উজ্জ্বল হৈ উঠে।
৫. ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে:
নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে আৰু মৌত থাকে এন্টিবেক্টেৰিয়েল গুণ। সেয়ে সৰ্দি-কাহ আৰু ভাইৰেল জ্বৰৰ পৰা ই আপোনাক বচায়।
সঠিকভাৱে কেনেকৈ বনাব?
১ গিলাছ কুহুমীয়া গৰম পানী লওক (বেছি গৰম নহয়)। তাত আধা ফুটা নেমুৰ ৰস আৰু ১ চামুচ খাঁটি মৌ মিহলাওক। মনত ৰাখিব, গৰম পানীত কেতিয়াও মৌ নিদিব, কুহুমীয়া পানীতহে দিব। শুৱাৰ ৩০-৪০ মিনিট আগত খাওক।
সাৱধানতা:
ডায়েবেটিছ ৰোগী আৰু নেমুত এলার্জি থকা লোকে ডাক্তৰৰ পৰামৰ্শ লৈহে খাব।
